গোলাঘাট, 22 নৱেম্বৰ :গোলাঘাট শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ ভাৰত পেট্ৰলিয়াম ক’ৰ্পৰেছন লিমিটেড চমুকৈ বিপিচিএলে আগবঢ়ালে এখন অত্যাধুনিক সা-সুবিধাৰে পৰিপূৰ্ণ ত্ৰমা কেয়াৰ মৃত্যুঞ্জয় সেৱা । গোলাঘাটৰ জনসাধাৰণৰ লগতে বিশেষকৈ চাহ জনজাতি লোকসকলৰ স্বাস্থ্য সেৱাৰ মান উন্নত কৰাৰ মানসেৰে বিপিচিএলৰ চি এছ আৰ কাৰ্যসূচীৰ অধীনত এই এম্বুলেঞ্চখন প্ৰদান কৰা হয় গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ক ৷
কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ ত্ৰমা কেয়াৰ মৃত্যুঞ্জয় সেৱা প্ৰদান বিপিচিএলৰ - গোলাঘাট উপায়ুক্ত
গোলাঘাটত শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা এম্বুলেঞ্চখনে গোলাঘাট জিলাৰ বাবে যথেষ্ট সুবিধা হ’ব বুলি আশা প্ৰকাশ কৰে গোলাঘাট উপায়ুক্ত বিভাস চন্দ্ৰ মোদীয়ে ।
![কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ ত্ৰমা কেয়াৰ মৃত্যুঞ্জয় সেৱা প্ৰদান বিপিচিএলৰ BPCL gifts trauma ambulances to Swahid Kushal Konwar Civil Hospital](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9625273-thumbnail-3x2-k.jpg)
দেওবাৰে শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত এক অনুষ্ঠানৰ জৰিয়তে এই এম্বুলেন্স প্ৰদান কৰে বিপিচিএলে । উক্ত অনুষ্ঠানত উপস্থিত থাকে গোলাঘাট জিলা উপায়ুক্ত বিভাস চন্দ্ৰ মোডী, বিপিচিএলৰ উপ মহাপ্ৰৱন্ধক প্ৰদীপ মীন্জ, টেৰিটৰি মেনেজাৰ পিংকু মহন্ত, ভাৰপ্ৰাপ্ত সহকাৰী প্ৰৱন্ধক বিশ্বজিৎ শৰ্মা, শ্বহীদ কুশল কোঁৱৰৰ অসামৰিক চিকিৎসালয়ৰ চিকিৎসক সকলৰ লগতে চিকিৎসা কৰ্মীসকল । গোলাঘাটত শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা এম্বুলেঞ্চখনে গোলাঘাট জিলাৰ বাবে যথেষ্ট সুবিধা হ’ব বুলি আশা প্ৰকাশ কৰে গোলাঘাট উপায়ুক্ত বিভাস চন্দ্ৰ মোদীয়ে ।
লগতে পঢ়ক: অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত সালসলনি