অসম

assam

ETV Bharat / state

‘খেলৰত্ন’ লৈ স্ব-গৃহ পালেহি লাভলীনা বৰগোঁহাই

‘ খেলৰত্ন ’ বঁটা লৈ স্ব-গৃহলৈ আহিল লাভলীনা বৰগোঁহাই ৷ দেশৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান গ্ৰহণ কৰি অভিভূত হৈ পৰা লাভলীনাই কি ক’লে জানো আহক ৷

By

Published : Nov 6, 2021, 9:31 PM IST

Updated : Nov 7, 2021, 1:03 PM IST

boxer lovelina borgohain comes back to home after winning khel ratna award
‘খেলৰত্ন’ লৈ স্ব-গৃহ পালেহি লাভলীনা বৰগোঁহাই

সৰুপথাৰ, 7 নবেম্বৰ :আগন্তক ডিচেম্বৰ মাহৰ ৪ তাৰিখৰ পৰা অনুষ্ঠিত হ'ব লগীয়া বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ বাবে বেংগালুৰুত অনুশীলন অব্যাহত ৰখাৰ মাজতে কেইটামান দিনৰ বাবে ঘৰলৈ আহিছে লাভলীনা ৷ শনিবাৰে বৰপথাৰৰ বাৰমুখীয়াৰ নিজা বাসগৃহলৈ আহিছে লাভলীনা বৰগোঁহাই । উল্লেখযোগ্য যে, শেহতীয়াকৈ দেশৰ ক্ৰীড়া ক্ষেত্ৰৰ সৰ্বোচ্চ সন্মান মেজৰ ধ্যানচান্দ খেলৰত্ন বঁটাৰে সন্মানিত হৈছে লাভলীনা ৷

‘খেলৰত্ন’ লৈ স্ব-গৃহ পালেহি লাভলীনা বৰগোঁহাই

এই সন্মান লাভ কৰাৰ পিছত নিজ বাসগৃহত উপস্থিত হৈ নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অলিম্পিক পদক বিজয়ী বক্সাৰ লাভলীনা বৰগোঁহাইয়ে । অপ্ৰত্যাশিত ভাৱেই সৰ্বোচ্চ ক্ৰীড়া সন্মান খেল ৰত্ন লাভ কৰা বুলি মন্তব্য কৰিছে লাভলীনাই । এই বঁটা লাভ কৰি অত্যন্ত সুখী আৰু ভৱিষ্যতৰ বাবে বহুত প্ৰেৰণা লাভ কৰা বুলি মন্তব্য কৰিছে লাভলীনাই ।

‘খেলৰত্ন’ লৈ স্ব-গৃহ পালেহি লাভলীনা বৰগোঁহাই

ইপিনে, অসম চৰকাৰে লাভলীনালৈ আগবঢ়োৱা অসম আৰক্ষীৰ উপ-আৰক্ষী অধীক্ষকৰ চাকৰি গ্ৰহণ কৰিবলৈ আগ্ৰহী বুলিও জানিবলৈ দিয়ে অলিম্পিক পদক জয়ী বক্সাৰ গৰাকীয়ে ।

লগতে পঢ়ক :বিজেপি মন্ত্ৰী-বিধায়ক শূন্য হ’ব অসম !

Last Updated : Nov 7, 2021, 1:03 PM IST

ABOUT THE AUTHOR

...view details