গোলাঘাট, 27 অক্টোবৰঃ ৰাছিয়াত অনুষ্ঠিত হোৱা বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ কৰি ভাৰতবৰ্ষৰ লগতে অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে গোলাঘাটৰ জীয়ৰী লাভলীনা বৰগোহাঁইয়ে ৷ খেলুৱৈ গৰাকীক সম্বৰ্ধনা জ্ঞাপন কৰাৰ উদ্দেশ্য গোলাঘাট জিলা প্ৰশাসন আৰু গোলাঘাট এমেচাৰ বক্সিং সন্থাই উদ্যোগত শনিবাৰে সন্ধিয়া অনুষ্ঠিত হয় ৰাজহুৱা সম্বৰ্ধনা অনুষ্ঠান ৷ সুদূৰ ৰাছিয়াত ৰাজ্যৰ লগতে দেশৰ গৌৱৰ বৃদ্ধি কৰাৰ বাবে গোলাঘাটৰ তাৰকা বক্সাৰ গৰাকীক জিলাখনৰ শতাধিক দল সংগঠন আৰু ব্যক্তিয়ে সম্বৰ্ধনা জ্ঞাপন কৰে ৷
বক্সাৰ লাভলীনা বৰগোঁহাইক উষ্ম আদৰণি গোলাঘাটবাসীৰ - boxer lavlina borgohain latest news
গোলাঘাট জিলা প্ৰশাসন আৰু গোলাঘাট এমেচাৰ বক্সিং সন্থাৰ উদ্যোগত শনিবাৰে সন্ধিয়া ৰাজহুৱা সম্বৰ্ধনা জ্ঞাপন কৰা কৰা হয় বক্সাৰ লাভলীনা বৰগোঁহাইক ৷ সুদূৰ ৰাছিয়াত ৰাজ্যৰ লগতে দেশক উজ্বলাই তোলা তাৰকা বক্সাৰ গৰাকীক গোলাঘাটৰ শতাধিক দল সংগঠন আৰু ব্যক্তিয়ে সম্বৰ্ধনা জ্ঞাপন কৰে ৷
বক্সাৰ লাভলীনা বৰগোঁহাইক উষ্ম আদৰণি গোলাঘাটবাসীৰ
উক্ত সম্বৰ্ধনা অনুষ্ঠানত লাভলীনা বৰগোঁহাইয়ে মনৰ ভাৱ প্ৰকাশ কৰি কয় যে, অলিম্পিক জয় তেওঁৰ এক সপোন আৰু এই সপোন দিঠকত পৰিণত কৰিবৰ বাবে সকলো চেষ্টা চলাব খেলুৱৈগৰাকীয়ে ৷ অলিম্পিক জয় কৰি অসমৰ নাম বিশ্ব দৰবাৰত তুলি ধৰাৰ সংকল্প জনপ্ৰিয় বক্সাৰ গৰাকীৰ ৷ এই সপোন দিঠকত পৰিণত কৰিবলৈ সকলো খিনি চেষ্টা চলাব লাভলীনাই ৷ সেয়েহে সমগ্ৰ অসমবাসী ৰাইজৰ আশীষ বিচাৰিলে প্ৰতিভাৱান বক্সাৰ গৰাকীয়ে ৷
Last Updated : Oct 27, 2019, 8:14 PM IST