সৰুপথাৰ,২৫ জুন: ধনশিৰি মহকুমাৰ বৰপথাৰ পৌৰসভাৰ উচ্ছেদ অভিযান। ধনশিৰি মহকুমা প্ৰশাসনৰ সহযোগত মঙলবাৰে চহৰখনৰ ১নং আৰু ২নং ৱাৰ্ডত উচ্ছেদ অভিযান চলাই বৰপথাৰ পৌৰসভাই। বৰপথাৰ চহৰৰ পদপথৰ লগতে পথৰ কাষত অবৈধভাৱে নিৰ্মাণ কৰা দোকান, ঘৰ আদি উচ্ছেদ কৰে অভিযানকাৰী দলটোৱে। মহকুমা প্ৰশাসনৰ সীমান্ত দণ্ডাধীশ প্ৰাণজিৎ দেৱ আৰু পৌৰসভাৰ সভাপতি শৈলেশ কুমাৰ সিঙৰ নেতৃত্বত চলোৱা হয় এই উচ্ছেদ অভিযান ।
বৰপথাৰ পৌৰসভাৰ উচ্ছেদ অভিযান - বৰপথাৰ পৌৰসভা
উচ্ছেদ অভিযানৰ জৰিয়তে মুকলি কৰা হয় বাট-পথ
![বৰপথাৰ পৌৰসভাৰ উচ্ছেদ অভিযান](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3659769-thumbnail-3x2-eviction.jpg)
etv bharat
ধনশিৰি মহকুমাৰ বৰপথাৰ পৌৰসভাৰ উচ্ছেদ অভিযান
পৰৱৰ্তী পৰ্যায়ত ৩নং আৰু ৪নং ৱাৰ্ডতো উচ্ছেদ অভিযান চলোৱাৰ কথাও প্ৰকাশ কৰে অভিযানকাৰী দলটোৱে। উল্লেখ্য যে,অবৈধভাৱে পথসমূহ অধিগ্ৰহণ কৰাৰ বাবে বিগত সময়চোৱাত অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰীৰ লগতে,অন্য যান-বাহনৰ যাতায়তৰ ক্ষেত্ৰতো যথেষ্ট অসুবিধাৰ সন্মুখীন হৈ আহিছিল স্থানীয় ৰাইজ ।