গোলাঘাটত উন্মোচন "তুলিকা শইকীয়াঃ সৃজন আৰু পাঠ" - assam news
অংশুমান বৰা আৰু জয়ন্ত দত্তৰ সম্পাদনাৰে ঔপন্যাসিকা "চাৰিশাল গোঁসানীৰ তেজ"ৰ স্ৰষ্টা তুলিকা শইকীয়াৰ ৰচনা সম্ভাৰ, সাহিত্যকৃতি মূল্যায়ন আৰু পৰ্যালোচনা কৰাৰ মহৎ লক্ষ্য আগত ৰাখি গ্ৰন্থখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে বিশিষ্ট শিক্ষাবিদ লেখক ড0 দীপালী বৰাই
![গোলাঘাটত উন্মোচন "তুলিকা শইকীয়াঃ সৃজন আৰু পাঠ"](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4107262-thumbnail-3x2-kksksksk.jpg)
তুলিকা শইকীয়াঃ সৃজন আৰু পাঠ"
গোলাঘাট, 11 আগষ্টঃ গোলাঘাটত "তুলিকা শইকীয়াঃ সৃজন আৰু পাঠ" শীৰ্ষক গ্ৰন্থ উন্মোচন । অংশুমান বৰা আৰু জয়ন্ত দত্তৰ সম্পাদনাৰে ঔপন্যাসিকা "চাৰিশাল গোঁসানীৰ তেজ"ৰ স্ৰষ্টা তুলিকা শইকীয়াৰ ৰচনা সম্ভাৰ, সাহিত্যকৃতি মূল্যায়ন আৰু পৰ্যালোচনা কৰাৰ মহৎ লক্ষ্য আগত ৰাখি গ্ৰন্থখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে বিশিষ্ট শিক্ষাবিদ লেখক ড0 দীপালী বৰাই । উন্মোচনী অনুষ্ঠানৰ আৰম্ভণিতে প্ৰয়াত তুলিকা শইকীয়াৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে নতুন সাহিত্য সভাৰ গোলাঘাট শাখাৰ সম্পাদক নৰকান্ত শইকীয়াই ।
তুলিকা শইকীয়াঃ সৃজন আৰু পাঠ