অসম

assam

ETV Bharat / state

গোলাঘাটত বিনামূলীয়া পাঠ্য়পুথি বিতৰণ আছুৰ

অসম নাগালেণ্ড সীমান্তৱৰ্তী মেৰাপানী অঞ্চলত উচ্চ শিক্ষাৰ এটাও চৰকাৰী প্ৰতিষ্ঠান নথকাৰ ফলত বিনামূলীয়া নামভৰ্তিৰ পৰা বঞ্চিত হৈছে দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ ছাত্ৰীসকল ।

Book distribution by AASU in Golaghat
গোলাঘাটত বিনামূলীয়া পাঠ্য়পুথি বিতৰণ আছুৰ

By

Published : Jun 28, 2020, 12:51 PM IST

গোলাঘাট, 28 জুন : ৰাজ্যৰ ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক ভৱিষ্যতৰ স্বাৰ্থত সদায়ে তৎপৰ সদৌ অসম ছাত্ৰ সন্থা । এইবাৰ গোলাঘাট জিলাৰ মেৰাপানী সীমান্তৰ দৈয়াং আঞ্চলিক ছাত্ৰ সন্থাই আৰ্থিকভাৱে পিছপৰা ছাত্ৰ ছাত্ৰীসকলৰ বাবে হাতত লৈছে এক সময়োপযোগী তথা প্ৰশংসনীয় পদক্ষেপ । ছাত্ৰ সন্থাই মেৰাপানী সীমান্তৰ উচ্চতৰ মাধ্যমিক শ্ৰেণীত নামভৰ্ত্তি কৰা প্ৰায় দুশ দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ ছাত্ৰীলৈ সম্পূৰ্ণ বিনামূলীয়াকৈ আগবঢ়াইছে পাঠ্যক্ৰমৰ কিতাপ ।

গোলাঘাটত বিনামূলীয়া পাঠ্য়পুথি বিতৰণ আছুৰ

দৈয়াং আঞ্চলিক ছাত্ৰ সন্থাই গঢ় দিয়া "দৈয়াং কেন্দ্ৰীয় বুক বেংক"ৰ অধীনত শনিবাৰে সন্থাৰ মেৰাপানীস্থিত কাৰ্যালয় প্ৰাঙ্গনত বিনামূলীয়াকৈ বিতৰণ কৰা হয় কিতাপসমূহ । গোলাঘাট জিলা ছাত্ৰ সন্থাৰ সভাপতি নিৰঞ্জন সোনোৱালৰ উপস্থিতিত অনুস্থিত বিনামূলীয়া কিতাপ বিতৰণ অনুষ্ঠানটোত ছাত্ৰ ছাত্ৰীসকলে কোভিড-১৯ সম্পৰ্কীয় সম্পূৰ্ণ নিয়মাৱলী পালন কৰা পৰিলক্ষিত হয় । অসম নাগালেণ্ড সীমান্তৱৰ্তী মেৰাপানী অঞ্চলত উচ্চ শিক্ষাৰ এটাও চৰকাৰী প্ৰতিষ্ঠান নথকাৰ ফলত বিনামূলীয়া নামভৰ্তিৰ পৰা বঞ্চিত হৈছে দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ ছাত্ৰীসকল । তেনে সময়তে ছাত্ৰ সন্থাৰ এনে সময়োপযোগী পদক্ষেপক এতিয়া সকলোৱে শলাগ লৈছে ।

লগতে পঢ়ক: জলমগ্ন কাজিৰঙা : বাগৰি বনাঞ্চলত উদ্ধাৰ গঁড়ৰ মৃতদেহ

ABOUT THE AUTHOR

...view details