অসম

assam

ETV Bharat / state

SDPO brutally beaten home guard: কৰ্তব্যৰত জোৱানক গুৰুলা গুৰলকৈ প্ৰহাৰ বোকাখাত মহকুমা আৰক্ষী বিষয়াৰ - sub divisional police officer thrashes home guard

কৰ্তব্যৰত গৃহৰক্ষী জোৱানৰ ওপৰত বোকাখাত মহকুমা আৰক্ষী বিষয়াৰ গুণ্ডাগিৰি ৷ বিনা কাৰণত নিজ গৃহত কৰ্তব্য সম্পাদন কৰি থকা গৃহৰক্ষী জোৱানলৈ শিল নিক্ষেপ কৰাৰ লগতে গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰে মহকুমা আৰক্ষী বিষয়া সূৰ্য কুমাৰে (SDPO brutally beaten home guard)৷

SDP brutally beaten home guard
কৰ্তব্যৰত জোৱানক গুৰুলা গুৰলকৈ প্ৰহাৰ বোকাখাট মহকুমা আৰক্ষী বিষয়াৰ

By

Published : Apr 9, 2023, 10:55 PM IST

কৰ্তব্যৰত জোৱানক গুৰুলা গুৰলকৈ প্ৰহাৰ বোকাখাট মহকুমা আৰক্ষী বিষয়াৰ

যোৰহাট, 9 এপ্ৰিল : গোলাঘাটৰ বোকাখাতত মানৱতাক ভূলুণ্ঠিত কৰাৰ ঘটনা সংঘটিত হৈছে ৷ সামান্য কথাৰ বাবেই কৰ্তব্যৰত জোৱানক গুৰুলা গুৰলকৈ প্ৰহাৰ কৰিলে বোকাখাত মহকুমা আৰক্ষী বিষয়াই (SDP brutally beaten home guard)। বৰ্তমান যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে গৃহৰক্ষী জোৱানজন ।

ঘটনাৰ বিৱৰণী অনুসৰি কৰ্তব্যৰত গৃহৰক্ষী জোৱান ৰাজু টায়ে আজি অৰ্থাৎ দেওবাৰে বোকাখাট মহকুমা আৰক্ষী বিষয়া সূৰ্য কুমাৰ (SDPO Surya Kumar beaten Home guard) বাসভৱনত কৰ্তব্য সম্পাদন কৰি আছিল ৷ সেই সময়তে উপস্থিত হৈছিল মহকুমা আৰক্ষী বিষয়া সূৰ্য কুমাৰ । কি কৰিছ বুলি কৰ্তব্যৰত গৃহৰক্ষী জোৱান ৰাজু টাইক গালি শুপনি পাৰিবলৈ আৰম্ভ কৰে আৰক্ষী বিষয়াগৰাকীয়ে ৷

তাৰ পিচতেই প্ৰায় ১০ মিটাৰ দূৰত্ব পৰাৰ মহকুমা আৰক্ষী বিষয়া গৰাকীয়ে গৃহৰক্ষী জোৱানলৈ লক্ষ্য কৰি শিলগুটি নিক্ষেপ পৰে (SDPO threw stone to home guard)। ফলত শিলগুটি আক্ৰমণত মাটিত বাগৰি পৰে জোৱানজন । ইমানতেই ক্ষান্ত নাথাকি আৰক্ষী বিষয়া গৰাকীয়ে জোৱানজনক পুনৰ মাৰ ধৰ কৰিবলৈ আৰম্ভ কৰে ৷ উপায়হীন হৈ জোৱানজনে আৰক্ষী বিষয়াগৰাকীৰ ওচৰত ক্ষমা প্ৰাৰ্থনা বিচৰা যদিও কোনো কেৰেপ নকৰিলে আৰক্ষী বিষয়া সূৰ্য কুমাৰে ৷

এই ঘটনাৰ পিচতে আহত জোৱানজনক এম্বুলেঞ্চৰ পৰিৱতে ডি আই বাহনেৰে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ লৈ আনে ৷ বৰ্তমান জোৱানজনক যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছে (Home guard admitted in JMCH)।

ইফালে এই ঘটনা সংঘটিত কৰি আৰক্ষী বিষয়াজনে এই সমগ্ৰ ঘটনা গাপ দিবলৈ চেষ্টা কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ৷ কাৰণ জোৱানজনক এম্বুলেঞ্চৰ পৰিৱতে এখন ডি আই বাহনত দুজন কনিষ্টবলৰ সৈতে চিকিৎসালয়লৈ পঠিয়াই দিছিল আৰক্ষী বিষয়াগৰাকীয়ে । উল্লেখ্য যে, এইবাৰেই পূৰ্বেও কেতিয়া কৰ্তবলৈ অহাৰ বাবে অলপ পলম হ’লেও আৰক্ষী বিষয়াগৰাকীয়ে অত্যাচাৰ চলাই গৃহৰক্ষী জোৱানৰ ওপৰত ৷

লগতে পঢ়ক:Weapon with Bullets seized: হোজাইত মাৰণাস্ত্ৰৰ লগতে ড্ৰাগছসহ দুটা সৰবৰাহকাৰীক আটক

এগৰাকী অসহায় কৰ্মচাৰীক প্ৰহাৰ কৰি জখম কৰাৰ এইগৰাকী আই পি এছ বিষয়া এই জঘন্য কাৰ্যক গৃহ বিভাগে কেনেদৰে গ্ৰহণ কৰে সেয়া বৰ্তমান লক্ষ্যণীয় হৈ পৰিছে ৷

ABOUT THE AUTHOR

...view details