বোকাখাত, 19 ছেপ্টেম্বৰ: বোকাখাতত এখন ট্ৰাকৰ ভিতৰৰ পৰা উদ্ধাৰ কৰা কৰা হ’ল 47 টা মৃত গো-ধনৰ লগতে জীৱিত অৱস্থাত থকা এটা গো-ধন ৷ যিখন দেশত গৰুক পূজা কৰা হয়, সেই দেশতে গৰুৰ চোৰাং ব্যৱসায়ীৰ হাতত একেদিনাই মৃত্যু হ’ল ৪৭ টা গো-ধন (Cattle found death inside truck at Bokakhat)। এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে বোকাখাতত ৷
বোকাখাতত অবাধে চলি থকা চোৰাং গৰুৰ সৰবৰাহৰ পৰিণতিতে সংঘটিত হ’ল এই কৰুণ ঘটনা (Illegal cattle transportation at Bokakhat)। দেওবাৰে নিশা বোকাখাত আৰক্ষীৰ তালাচীত চোৰাংকৈ সৰবৰাহ কৰা গৰুসহ জব্দ কৰা হৈছিল AS02 E5998 নম্বৰৰ এখন ট্ৰাক । বোকাখাতৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষীৰ অভিযানত জব্দ হোৱা বাহনখনত আছিল ৪৮ টা গৰু (Cattle smuggling at Bokakhat)। গৰুভৰ্তি ট্ৰাকখন বোকাখাতৰ ৰজাবাৰীৰ পৰা চামুগুৰিলৈ গৈ আছিল আছিল বুলি আৰক্ষীয়ে জানিবলৈ দিছে ।