অসম

assam

ETV Bharat / state

বোকাখাতত আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰী - ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ

গোলাঘাট জিলাৰ মাজেৰে ডিমাপুৰৰ পৰা উত্তৰ অসম আৰু নামনি অসমলৈ দীৰ্ঘদিনৰ ধৰি ড্ৰাগছ সৰবৰাহ হৈ অহাৰ অভিযোগ উত্থাপন হৈছে ৷ একেদৰে ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰে আৰক্ষীৰ চকুত ধূলি দি চলি আহিছে ড্ৰাগছ ৰমৰমীয়া বেহা ।

বোকাখাতত আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰী
বোকাখাতত আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰী

By

Published : Apr 30, 2021, 4:31 PM IST

গোলাঘাট, 30 এপ্ৰিল: গোলাঘাটৰ বোকাখাতত বৃহৎ পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ । ডিমাপুৰৰ পৰা গুৱাহাটী অভিমুখে নি থকা অৱস্থাতে আৰক্ষীয়ে উদ্ধাৰ কৰে বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী খিনি। উল্লেখযোগ্য যে, ডিমাপুৰৰ পৰা গুৱাহাটী লৈ AS-O1-ES-4384 নম্বৰৰ এখন গাড়ীত সৰবৰাহ কৰিবলৈ উলিওৱা হৈছিল ড্ৰাগছখিনি ।

সম্প্ৰতি ড্ৰাগছসহ দুটা ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষী । গ্ৰেপ্তাৰ হোৱা ড্ৰাগছ ব্যৱসায়ী দুটা হ'ল চতিয়াৰ মোহৰ আলী আৰু ৰমজান আলী ।

উল্লেখযোগ্য যে, গোলাঘাট জিলাৰ মাজেৰে ডিমাপুৰৰ পৰা উত্তৰ অসম আৰু নামনি অসমলৈ দীৰ্ঘদিনৰ ধৰি ড্ৰাগছ সৰবৰাহ হৈ অহাৰ অভিযোগ উত্থাপন হৈছে ৷ একেদৰে ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰে আৰক্ষীৰ চকুত ধূলি দি চলি আহিছে ড্ৰাগছ ৰমৰমীয়া ব্যৱসায় ।

গোলাঘাট আৰক্ষী অধীক্ষকৰ তথ্যৰ ভিত্তিত বোকাখাত আৰক্ষীয়ে বিলাসী ক্ৰেতা গাড়ীৰ পৰা ১৯ পেকেট ব্ৰাউন চুগাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয় বুলি জানিব পৰা গৈছে । বোকাখাত আৰক্ষীয়ে দুয়োটা ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে জব্দ কৰিছে ড্ৰাগছ সৰবৰাহত ব্যৱহৃত গাড়ীখন । বৰ্তমান সমগ্ৰ ঘটনাৰ সৰ্ন্দভত বোকাখাত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত ।

লগতে পঢ়কঃ ধনশিৰিত অস্ত্ৰ-শস্ত্ৰসহ লিংকমেন আৰু ডিএনএলএ কেডাৰ আটক

ABOUT THE AUTHOR

...view details