গোলাঘাট, 6 অক্টোবৰ :বোকাখাত আৰক্ষীৰ বৃহৎ সাফল্য ৷ বিশেষ অভিযানৰ ভিত্তিত আটক কৰে দুগৰাকী চোৰাং গড় চিকাৰী ৷ গ্ৰেপ্তাৰ কৰা লোক দুজন পতী-পত্নী বুলি জানিব পৰা গৈছে ৷ গ্ৰেপ্তাৰ কৰা লোকজনৰ নাম উৰুকা পেগু আৰু মহিলা গৰাকীৰ নাম কুনকুনি পেগু ৷
তথ্য অনুসৰি, আৰক্ষীয়ে তেওঁলোকৰ পৰা এটা গঁড়ৰ খৰ্গ উদ্ধাৰ কৰিছে ৷ সোমবাৰে গহপুৰৰ এজন ব্যক্তিয়ে বোকাখাতৰ 3 নং দ-গাঁৱৰ উৰুকা পেগুৰ ঘৰত পত্নী কুনকুনি পেগুৰ হাতত গঁড়ৰ খৰ্গতো বিক্ৰীৰ বাবে দি থৈ যোৱা বুলি কুনকুনি পেগুৱে স্বীকাৰ কৰিছে ।