বোকাখাত,২৬ আগষ্ট :দেশে স্বাধীনতাৰ গৌৰৱময় ৭৫ বছৰ অতিক্ৰম কৰিলে (75th independence day of India)। চৰকাৰে এই শুভক্ষণত স্বাধীনতাৰ অমৃত মহোৎসৱৰ (Azadi Ka Amrit Mahotsav) দৰে বিশাল কাৰ্যসূচীৰ আয়োজন কৰিলে । চৰকাৰে চাৰিওফালে উন্নয়নৰ জয়গান গোৱা দেখা গ'ল । চৰকাৰৰ নেতা-মন্ত্ৰীৰ মুখত কেৱল উন্নয়নৰ শ্ল'গান । কিন্তু সঁচাকৈয়ে উন্নয়ন হৈছে নে ?
গোলাঘাট জিলাৰ বোকাখাত সমষ্টিৰ এটা অঞ্চলৰ ৰাইজৰ দুৰ্দশা দেখিলে কোনেও নকয় যে সম উন্নয়ন হৈছে । স্বাধীনতাৰ অমৃত মহোৎসৱ পালন কৰাৰ সময়তে সমষ্টিটোৰ হাজাৰ হাজাৰ মানুহৰ একমাত্ৰ ভৰষা এখন বাঁহৰ সাঁকো । ভগা সাঁকোখনেৰে নিতৌ প্ৰায় ৬০০ টা পৰিয়ালৰ লোকে অহা যোৱা কৰে (Bamboo bridge in Bokakhat)।
স্কুলীয় ছাত্ৰ-ছাত্ৰীও বিপদসংকুলভাৱে পাৰ হয় মৰণফান্দৰূপী সাঁকোখনেৰে । ৰোগী এজনক হাস্পতাললৈ নিবলৈও সেই সাঁকোৰে আহিব নোৱাৰে কোনো বাহন । যাৰ বাবে নাৱেৰে ৰোগীসকলক নৈৰ মাজেৰে লৈ যায় গাঁওবাসীয়ে (Transportation by bamboo bridge)।
কিন্তু আচৰিত কথাটো হ'ল যে মন্ত্ৰী অতুল বৰাৰ সমষ্টিৰ জাপৰী পথাৰ আৰু ডিফলু পথাৰ সংযোগী দলংখন নিৰ্মাণ কৰিবলৈ চৰকাৰৰ ধন নাই । নিৰ্বাচনৰ পূৰ্বে অঞ্চলটোলৈ ভোট ভিক্ষা কৰিবলৈ আহি দলংখন নিৰ্মাণৰ প্ৰতিশ্ৰুতি দি আজিলৈ গুৰুত্ব নাই স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰী অতুল বৰাৰ (Poor transportation system in Bokakhat)। নিৰ্বাচন শেষ, লগে লগে ৰাইজলৈ পিঠি দিলে অতুল বৰাই ।