বোকাখাত, 26 জুন : ৰাজ্যত ক’ভিডৰ ঢৌ লাহে লাহে কমিছে যদিও কিছু কিছু জিলাত এতিয়াও কমা নাই ক’ভিডৰ গণ সংক্ৰমণ । গোলাঘাট (Golaghat), বিশ্বনাথ (Biswanath), গোৱালপাৰা (Goalpara) আৰু মৰিগাঁও (Morigaon) জিলাত এতিয়াও বৃদ্ধি পাই আছে গণ সংক্ৰমণৰ ঘটনা ৷ গোলাঘাট (Golaghat) জিলাৰ বোকাখাত মহকুমা সম্পূৰ্ণ কণ্টেইনমেন্ট জ'ন(FULL CONTENTMENT ZONE) ঘোষণা কৰাৰ সিদ্ধান্ত লৈছে প্ৰশাসনে ৷ শুকুৰবাৰে সন্ধিয়া বোকাখাট মহকুমাৰ প্ৰশাসনে এক নিৰ্দেশনাৰ জৰিয়তে প্ৰকাশ কৰে এই কথা ৷
প্ৰশাসনৰ নিৰ্দেশ অনুসৰি, সোমবাৰৰ পৰা বোকাখাট (Bokakhat) মহকুমাত সম্পূৰ্ণ কণ্টেইনমেন জ'ন (FULL CONTENTMENT ZONE) ঘোষণা কৰা হ’ব ৷ এই সময়ছোৱাত মহকুমাটোৰ গেলামালৰ দোকানসমূহ সন্ধিয়া ৫ বজালৈ খোলা ৰাখিব পাৰিব ৷ প্ৰশাসনৰ এই সিদ্ধান্তক লৈ মহকুমাটোৰ লোকৰ মাজত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷
উল্লেখ্য যে, বোকাখাত মহকুমাত শুকুৰবাৰলৈ 47,913 গৰাকীৰ ক’ভিড (Covid 19) পৰীক্ষা কৰা হৈছে ৷ ইয়াৰে 2,882 গৰাকী লোকৰ দেহত ধৰা পৰিছে ক’ভিড পজিটিভ (Covid Positive) ৷ শুকুৰবাৰে মহকুমাটোৰ পুনৰ ৬৬ গৰাকী লোকৰ দেহত ক’ভিড (Covid 19)ৰ অৱস্থিত ধৰা পৰাৰ পাছতে প্ৰশাসন তৎপৰ হৈ পৰে আৰু সম্পূৰ্ণ কন্টেইনমেন জ'ন(FULL CONTENTMENT ZONE) ঘোষণা কৰাৰ সিদ্ধান্ত লয় ৷