অসম

assam

ETV Bharat / state

বানৰ পাচতো দুদৰ্শাৰ অন্ত পৰা নাই বন্যাৰ্তৰ

বোকাখতত কিছু পৰিমাণে শাম কাটিছে বান পৰিস্থিতি ৷ শিবিৰ এৰি এতিয়া লাহে লাহে ঘৰমুৱা হৈছে বন্যাৰ্ত ৷ কিন্তু আপোন ঘৰখনৰ অৱস্থাই যেন বুকু মুচৰি পেলাইছে এইসকল হতভগীয়াৰ ৷

বানৰ পাচতো দুদৰ্শাৰ অন্ত হোৱা নাই বন্যাৰ্তৰ

By

Published : Jul 23, 2019, 2:21 PM IST

বোকাখাত, জুলাই 23: বানে কঙাল কৰি গ'ল ৰাজ্যৰ জনতাক ৷ আন ঠাইৰ লগতে বোকাখাততো কিছু পৰিমাণে শাম কাটিছে বান পৰিস্থিতি ৷ শিবিৰ এৰি এতিয়া লাহে লাহে ঘৰমুৱা হৈছে বন্যাৰ্ত ৷ কিন্তু আপোন ঘৰখনৰ অৱস্থাই যেন বুকু মুচৰি পেলাইছে এইসকল হতভগীয়াৰ ৷ কাৰোবাৰ ঘৰ-চোতাল যদি বালি-বোকাৰে ভৰি পৰিছে আন কাৰোবাৰ আকৌ ঘৰখনেই উটুৱাই নিছে বানে ৷ এপদ এপদকৈ লাম-লাকটু বিচাৰি এতিয়া হাবাথুৰি খাইছে লোকসকলে ৷

বানৰ পাচতো দুদৰ্শাৰ অন্ত হোৱা নাই বন্যাৰ্তৰ

ঘৰসমূহৰ কদৰ্যময় পৰিবেশ,এসাজ ৰান্ধি খাবলৈ খৰি-খেৰৰ অভাৱ,পশুধন সমূহক খুৱাবলৈ পশুখাদ্যৰ নাটনি আদি এশ এবুৰি সমস্যাই জুৰুলা কৰিছে বানাক্ৰান্ত সকলক। কিন্তু তাৰ মাজতো যে জীয়াই থাকিবলৈ সংগ্ৰাম কৰিব লাগিব এইসকল লোকে ৷ ভয়াৱহ এক ভৱিষ্যতক ধিয়াই নতুনকৈ জীৱনৰ পাতনি মেলিছে বানাক্ৰান্ত বাইজে ৷

ABOUT THE AUTHOR

...view details