অসম

assam

ETV Bharat / state

গীত-নৃত্যৰে নিজ সমষ্টিত ৰণডংকা মন্ত্ৰী অতুল বৰাৰ - নিৰ্বাচনৰ পূৰ্বে প্ৰতিটো ৰাজনৈতিক

প্ৰাৰ্থীত্ব প্ৰত্যাশীৰ বাবেই অগপত গঢ়াখহনীয়াৰ বিষয়টো উত্থাপিত হৈছে। নিৰ্বাচনৰ পূৰ্বে প্ৰতিটো ৰাজনৈতিক দলত প্ৰাৰ্থীত্ব প্ৰত্যাশী সকলে এটা দলৰ পৰা আনটো দললৈ গমন কৰে। ই এক স্বাভাৱিক প্ৰক্ৰিয়া বুলি উল্লেখ কৰে অগপৰ কাৰ্যকৰি সভাপতি কেশৱ মহন্তই । আজমলাৰ জৰাফুকাৰ পানী খাই কংগ্ৰেছ বাচিব নোৱাৰে । আজমলৰ এআইইউডিএফৰ প্ৰতিচ্ছবি তলাৰ চাবি আজমলৰ পাইজমাৰ জেপত আছে। সেইবাবে কংগ্ৰেছৰ এইবাৰ ৰক্ষা নায়। গোলাঘাট জিলাৰ বোকাখাটত বিশাল জাতীয় ঐক্য সমাৰোহত কংগ্ৰেছ আৰু এআইইউডিএফক তীব্ৰ সমালোচনা কৰে অগপৰ সভাপতি অতুল বৰাই ।

গীত-নৃত্যৰে নিজ সমষ্টিত ৰণডংকা মন্ত্ৰী অতুল বৰাৰ
গীত-নৃত্যৰে নিজ সমষ্টিত ৰণডংকা মন্ত্ৰী অতুল বৰাৰ

By

Published : Dec 6, 2020, 10:32 PM IST

গোলাঘাট,6 ডিচেম্বৰঃৰাজনৈতিক নেতা হিচাপে নহয়, এগৰাকী গায়ক ৰূপত মন্ত্ৰী অতুল বৰা । বোকাখাতৰ জাতীয় ঐক্য সমাৰোহত অগপৰ মুখপাত্ৰ কল্পনা পাটোৱাৰীৰ গীতৰ তালে তালে নৃত্য কৰিলে অসম গণ পৰিষদৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই । বোকাখাতৰ ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হোৱা বিশাল জাতীয় ঐক্য সমাৰোহত কেইবা হাজাৰ অসম গণ পৰিষদ দলৰ কৰ্মকৰ্তা আৰু ৰাইজ উপস্থিত থকা দেখা যায় ।

গীত-নৃত্যৰে নিজ সমষ্টিত ৰণডংকা মন্ত্ৰী অতুল বৰাৰ

উল্লেখযোগ্য যে, ন-সাজেৰে, ন-উদ্যমেৰে এই জাতীয় ঐক্য সমাৰোহৰ আয়োজন কৰে বোকাখাট বিধান পৰিষদে । ইপিনে মন্ত্ৰী কেশৱ মহন্তই ভাষণ প্ৰসঙ্গত কয়, অসমত অগপৰ বৰ্তমানৰ মিত্ৰজোঁটৰ স্থিতিতেই আগন্তুক নিৰ্বাচনত অৱতীৰ্ণ হ'ব অগপই । আনহাতে কংগ্ৰেছ আৰু এআইইউডিএফৰ মিত্ৰতা অবৈধ আখ্যা দি মহন্তই কয়, এই অবৈধ মিত্ৰতাৰ জৰিয়তে জন্ম লাভ কৰা সন্তান অৰ্থাৎ চৰকাৰ ভৱিষ্যতে গুৰু গোসানী নামানে । কংগ্ৰেছ আৰু এআইইউডিএফে অসমত পানীহে ঘূলা কৰিব, মাছ ধৰিব নোৱাৰে । সম্প্ৰতি অগপ দলত হৈ থকা বিসম্বাদৰ সম্পৰ্কে তেঁও কয় যে প্ৰাৰ্থীত্ব প্ৰত্যাশীৰ বাবেই অগপত গঢ়াখহনীয়াৰ বিষয়টো উত্থাপিত হৈছে । নিৰ্বাচনৰ পূৰ্বে প্ৰতিটো ৰাজনৈতিক দলত প্ৰাৰ্থীত্ব প্ৰত্যাশী সকলে এটা দলৰ পৰা আনটো দললৈ গমন কৰে । ই এক স্বাভাৱিক প্ৰক্ৰিয়া ।

গীত-নৃত্যৰে নিজ সমষ্টিত ৰণডংকা মন্ত্ৰী অতুল বৰাৰ

আনহাতে অগপৰ সভাপতি অতুল বৰাই আজমলৰ জৰাফুকাৰ পানী খাই কংগ্ৰেছ বাচিব নোৱাৰে বুলি কৈ কয়, আজমলৰ এআইইউডিএফৰ প্ৰতিচ্ছবি তলা আৰু সেই তলাৰ চাবি আজমলৰ পাইজমাৰ জেপত আছে সেইবাবে এইবাৰ কংগ্ৰেছৰ ৰক্ষা নায়। কংগ্ৰেছ আৰু এআইইউডিএফৰ মিত্ৰতা উজনি অসমৰ মানুহে কোনো পধ্যে সহ্য নকৰে বুলিও ভাষণ প্ৰসঙ্গত মন্ত্ৰী অতুল বৰাই উল্লেখ কৰে ।

গীত-নৃত্যৰে নিজ সমষ্টিত ৰণডংকা মন্ত্ৰী অতুল বৰাৰ

লগতে পঢ়কঃ কাইলৈ প্ৰথম পৰ্যায়ৰ বিটিচি নিৰ্বাচন,কটকটীয়া কৰা হৈছে নিৰাপত্তা

ABOUT THE AUTHOR

...view details