অসম

assam

ETV Bharat / state

Bogolitika Namghar Golden Jubilee : দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰ্যবসিত বোকাখাত - Pitambar Dev Goswami

বোকাখাতৰ বগলীটিকা বৰনামঘৰৰ সোণালী জয়ন্তী অনুষ্ঠানত উপস্থিত হৈছে মাজুলী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড৹ পীতাম্বৰ দেৱগোস্বামী (Pitambar Dev Goswami) । হাজাৰ হাজাৰ ভক্তপ্ৰাণ ৰাইজে বোকাখাত চহৰৰ পৰা খোল-তাল-ঢোলেৰে সত্ৰাধিকাৰগৰাকীক পদব্ৰজে আদৰণি জনাই নিয়ে বৰনামঘৰ প্ৰাংগনলৈ ।

Bokakhat
Bokakhat

By

Published : Oct 30, 2022, 10:19 PM IST

Updated : Oct 31, 2022, 4:01 PM IST

বোকাখাত, ৩০ অক্টোবৰ :বোকাখাতৰ বগলীটিকা বৰনামঘৰৰ সোণালী জয়ন্তীত লোকে লোকাৰণ্য (Bogolitika Namghar Bokakhat Golden Jubilee) । ভক্তপ্ৰাণ ৰাইজৰ মাজত ব্যাপক উছাহ । বোকাখাত মহকুমা পালনাম সমিতিৰ (Bokakhat sub divission palnam committee) উদ্যোগত অনুষ্ঠিত হৈছে বোকাখাতৰ বগলীটিকা বৰনামঘৰৰ সোণালী জয়ন্তী অনুষ্ঠান ।

আনহাতে, বোকাখাতৰ বগলীটিকা বৰনামঘৰৰ সোণালী জয়ন্তী অনুষ্ঠানত উপস্থিত হৈছে মাজুলী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড৹ পীতাম্বৰ দেৱগোস্বামী (Pitambar Dev Goswami) । হাজাৰ হাজাৰ ভক্তপ্ৰাণ ৰাইজে বোকাখাত চহৰৰ পৰা খোল-তাল-ঢোলেৰে সত্ৰাধিকাৰগৰাকীক পদব্ৰজে আদৰণি জনাই নিয়ে বৰনামঘৰ প্ৰাংগনলৈ ।

বিয়লি তেওঁ বগলীটিকা বৰনামঘৰ প্ৰাঙ্গণত অনুষ্ঠিত এক ধৰ্মালোচনী সভাত অংশগ্ৰহণ কৰে । উক্ত অনুষ্ঠানত পীতাম্বৰ দেৱগোস্বামীয়ে প্ৰায় ২০ খন গ্ৰন্থ উন্মোচন কৰে । লগতে বগলীটিকা নামঘৰৰ নৱনিৰ্মিত অতিথি গৃহটি শুভ উদ্বোধন কৰে ড৹ পীতাম্বৰ দেৱগোস্বামীয়ে । উল্লেখ্য, মাজুলীৰ সত্ৰীয়া জনাৰ্দ্দন দেৱগোস্বামীৰ বিতৰ্কৰ মাজতে বোকাখাতলৈ আহিছে আউনীআটী সত্ৰৰ (Auniati Satra) সত্ৰাধিকাৰগৰাকী । নিশ্চিতভাৱে জনাৰ্দ্দন দেৱগোস্বামীৰ বিতৰ্ক সন্দৰ্ভত পীতাম্বৰ দেৱগোস্বামীৰ পৰা মন্তব্য জানিবলৈ সকলোৱে আগ্ৰহেৰে অপেক্ষা কৰি আছিল ।

মাজুলীৰ সত্ৰীয়া জনাৰ্দ্দন দেৱগোস্বামীৰ বক্তব্য সন্দৰ্ভত বোকাখাতত মন্তব্য প্ৰদান কৰে ড৹ পীতাম্বৰ দেৱগোস্বামীয়ে । তেওঁ কয়, শংকৰদেৱক গুৰু বুলি নমনাতো একেবাৰে গ্ৰহণীয় নহয় । আনহাতে, গুৰুজনাক কোনোবাই অৱমাননা কৰাৰ প্ৰশ্নই আহিব নোৱাৰে বুলি তেওঁ উল্লেখ কৰে । উল্লেখ্য, বৈঞ্চৱ সংস্কৃতিৰ পীঠভূমি মাজুলীৰ সাংস্কৃতিক আৰু ঐতিহ্যৰ পৰম্পৰাক যিকোনো ত্যাগৰ বিনিময়ত অক্ষুণ্ণ ৰখাটো বিচাৰে বুলিও তেওঁ মন্তব্য কৰে ।

দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰ্যবসিত বোকাখাত

লগতে মাজুলীত খ্ৰীষ্টান ধৰ্মৰ আগ্ৰাসন বা ধৰ্মান্তৰকৰণৰ ওপৰতো গুৰুত্বপূৰ্ণ মন্তব্য কৰে আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড৹ পীতাম্বৰ দেৱগোস্বামীয়ে । তেওঁ কয়, বৰ্তমান সত্ৰত পূৰ্বৰ ধূতিনাতি বহু কমিছে । পূৰ্বৰ বহু নিয়ম শিথিল হোৱাৰ বাবেই কেৱল প্ৰসঙ্গতেই ব্যস্ত নাথাকি বাহিৰলৈ ওলাই অহা বুলিও তেওঁ মন্তব্য কৰে । বোকাখাতৰ বগলীটিকা বৰনামঘৰৰ সোণালী জয়ন্তীত উপস্থিত হৈ এই মন্তব্য কৰে শ্ৰীশ্ৰী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড৹ পীতাম্বৰ দেৱগোস্বামীয়ে ।

লগতে পঢ়ক :Himanta Biswa Sarma: পুৰণি বিদ্যালয়সমূহক ন-ৰূপ দিয়াৰ পৰিকল্পনা ৰাজ্য চৰকাৰৰ

Last Updated : Oct 31, 2022, 4:01 PM IST

ABOUT THE AUTHOR

...view details