সৰুপথাৰ, 12 আগষ্টঃ গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ অন্তৰ্গত ধনশিৰি নদীত সোমবাৰে সংঘটিত হয় নাও দুৰ্ঘটনা ৷ বৰপথাৰ 1নং টেঙানী অঞ্চলৰ বাসিন্দা বিতুল গগৈ আৰু তেওঁৰ পত্নী জানমনি গগৈয়ে শাক-পাঁচলি সংগ্ৰহৰ বাবে নাৱেৰে নদী পাৰ হ'বলৈ লওতেই সংঘটিত হয় দুৰ্ঘটনাটো ৷
ধনশিৰি নাও দুৰ্ঘটনাঃসন্ধানহীন এজন - উদ্ধাৰকাৰ্য
সোমবাৰে দিনৰ ভাগত গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ বৰপথাৰ টেঙানী অঞ্চলত সংঘটিত হয় এক নাও দুৰ্ঘটনা ৷ 1নং টেঙানীৰ বাসিন্দা বিতুল গগৈ আৰু তেওঁৰ পত্নী জানমনি গগৈয়ে নাৱেৰে সৈতে ধনশিৰি নদী পাৰ হ'বলৈ লওঁতেই সংঘটিত হয় দুৰ্ঘটনাটো ৷
ধনশিৰি নাও দুৰ্ঘটনাত এজন সন্ধানহীন
নদী পাৰ হ'বলৈ লওতেই অসাৱধানবশত জানমনি গগৈ পানীত পৰি যায় ৷ স্বামী বিতুল গগৈয়ে নদীত জাঁপ দি পত্নীক উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও নৈৰ সোঁতত নিজেই উটি যায় ৷ দুৰ্ঘটনাৰ খবৰ পোৱাৰ পিচতেই স্থানীয় লোকে বৰপথাৰ আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত উপস্থিত হয় আৰক্ষীৰ লগতে ৰাজ্যিক দুৰ্যোগ প্ৰশমণ বাহিনীৰ লোক ৷ স্থানীয় আৰক্ষীৰ সহযোগত ৰাজ্যিক দুৰ্যোগ প্ৰশমণ বাহিনীয়ে নৈখনত উদ্ধাৰকাৰ্য চলায় যদিও বিতুল গগৈৰ সন্ধান উলিয়াবলৈ ব্যৰ্থ হয় ৷