অসম

assam

By

Published : Dec 30, 2021, 8:36 PM IST

ETV Bharat / state

সৰুপথাৰ সমষ্টিত ঠেঙাল-কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনক লৈ তৎপৰ বিজেপি

20 জানুৱাৰীত অনুষ্ঠিত হ’ব ঠেঙাল-কছাৰী স্বায়ত্ব পৰিষদৰ নিৰ্বাচন (Thengal Kachari autonomous council election) ৷ পৰিষদ খনৰ 22 সমষ্টিত অনুষ্ঠিত হ'ব এই নিৰ্বাচন ৷

Thengal Councils
সৰুপথাৰ সমষ্টিত বিজেপিৰ ঠেঙাল-কছাৰী পৰিষদক লৈ নিৰ্বাচনী তৎপৰতা

সৰুপথাৰ, 30 ডিচেম্বৰ : ঠেঙাল-কছাৰী স্বায়ত্ব পৰিষদৰ নিৰ্বাচন সমাগত (Thengal Kachari autonomous council election)৷ শাসক দল বিজেপিৰ তৎপৰতা বৃদ্ধি পাইছে নিৰ্বাচনকলৈ ৷ পৰিষদ খনৰ 22 টা সমষ্টিৰ ভিতৰত সৰুপথাৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত ধনশিৰি মহকুমাটো আছে গেলাবিল নামেৰে এটা ঠেঙাল-কছাৰী স্বায়ত্ব শাসিত পৰিষদীয় সমষ্টি ৷ 3,141 জন ভোটাৰ থকা সমষ্টিটোত শাসকীয় বিজেপি দলে টিকট প্ৰদান কৰিছে পৰিষদ খনৰ পূৰ্বৰ নিৰ্বাচিত সদস্যা মৃনালী হাজৰিকাক ।

সমষ্টিটোত এই পৰিষদীয় নিৰ্বাচনৰ বাবে শাসকীয় বিজেপি দলত দেখা গৈছে ব্যাপক তৎপৰতা(BJP gear up for autonomous council election) ৷ দলীয় প্ৰাৰ্থী গৰাকীক জয়ী কৰাই আনিবৰ বাবে বুধবাৰৰ নিশা বৰপথাৰ আই বিত মিত্ৰ দল অগপ আৰু বিজেপিৰ দলীয় কৰ্মী সকলৰ মাজত অনুষ্ঠিত হয় এখন বিশেষ সভা ৷ যোৰহাটৰ সাংসদ কামাখ্যা প্ৰসাদ তাচা আৰু সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকনৰ উপস্থিতিত উক্ত সভাখনত নিৰ্বাচনী ৰণ নীতি তৈয়াৰ কৰা হয় ৷

সৰুপথাৰ সমষ্টিত বিজেপিৰ ঠেঙাল-কছাৰী পৰিষদক লৈ নিৰ্বাচনী তৎপৰতা

উল্লেখ্য যে, গেলাবিল সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা 3,141 গৰাকী ৷ ইয়াৰে 1,720 গৰাকী পুৰুষ আৰু 1,421 গৰাকী মহিলা ভোটাৰ ৷ সমষ্টিটোত মুঠ ভোট গ্ৰহণ কেন্দ্ৰৰ সংখ্যা 11 টা ৷ সমষ্টিটোত বিজেপি দলৰ প্ৰাৰ্থী গৰাকীয়ে পুনৰবাৰ বিপুল ভোটত জয় লাভ কৰিব বুলি দাবী কৰিছে সাংসদ কামাখ্যা প্ৰসাদ তাচাৰ লগতে প্ৰাৰ্থী মৃনালী হাজৰিকাই ৷

লগতে পঢ়ক:Two BJP MLAs have withdrawn PSO : বিজেপিৰ দুই বিধায়কে প্ৰত্যাহাৰ কৰিছে নিজৰ PSO

ABOUT THE AUTHOR

...view details