গোলাঘাট, 31 অক্টোবৰ : মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিবলৈ ৰাজ্যত চৰকাৰে গঠন কৰিছে টাস্ক ফ'ৰ্চ । কৃষিমন্ত্ৰী অতুল বৰাই দেওবাৰে গোলাঘাটত সদৰি কৰে এই কথা ৷ মন্ত্ৰীগৰাকীয়ে বিভিন্ন ক্ষেত্ৰত অসাধু ব্যৱসায়ীয়ে ৰাজ্যৰ বজাৰ নিয়ন্ত্ৰণ কৰাৰ বাবে অত্যাৱশ্যকীয় সামগ্ৰী মূল্য বৃদ্ধি হৈছে বুলি উল্লেখ কৰে । তেওঁ শীঘ্ৰে ৰাজ্যত মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিবলৈ চৰকাৰ তথা প্ৰশাসন সক্ষম হ’ব আশা ব্যক্ত কৰে ৷
উল্লেখ্য যে, গোলাঘাট জিলা পুথিভঁৰালত দেওবাৰে অগপৰ এখন বৃহৎ যোগদান সভা অনুষ্ঠিত হয় ৷ উক্ত সভাত গোলাঘাটৰ বিভিন্ন জাতীয় তথা ছাত্ৰ সংগঠনৰ সদস্যই মন্ত্ৰী অতুল বৰাৰ নেতৃত্বত হিলদ'ল ভাঙি অসম গণ পৰিষদৰ বিভিন্ন ভাতৃ আৰু ভগ্নী সংগঠন অসম মহিলা পৰিষদ আৰু অসম ছাত্ৰ পৰিষদত যোগদান কৰে ৷