অসম

assam

ETV Bharat / state

খুমটাইত কেইবা শতাধিক লোকে যোগদান কৰিলে বিজেপিত - ভাৰতীয় জনতা পাৰ্টী

খুমটাই সমষ্টিৰ অন্তৰ্গত বেতিয়নী পঞ্চায়ত আৰু ঢেকিয়াল পঞ্চায়তত ছাত্র সন্থা, অসম গণ পৰিষদ আৰু জাতীয় কংগ্ৰেছৰ কেইবা শতাধিক কাৰ্যকৰ্তাই যোগদান কৰিলে ভাৰতীয় জনতা পাৰ্টীত ।

bjp-joining-meeting-at-khumtai
খুমটাইত কেইবা শতাধিক লোকে যোগদান কৰিলে বিজেপিত

By

Published : Nov 12, 2020, 5:33 PM IST

খুমটাই,12 নৱেম্বৰঃখুমটাই সমষ্টিৰ অন্তৰ্গত বেতিয়নী গাওঁ পঞ্চায়ত আৰু ঢেকিয়াল গাওঁ পঞ্চায়তত বৃহস্পতিবাৰে কেইবা শতাধিক লোকে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰে । বেতিয়নী পঞ্চায়তত পশ্চিম গোলাঘাট আঞ্চলিক ছাত্র সন্থাৰ 20 গৰাকী বিষয়ববীয়াৰ লগতে গণ পৰিষদ আৰু কংগ্ৰেছৰ শতাধিক কৰ্মীয়ে ভাৰতীয় জনতা পাৰ্টীৰ নীতি আৰু আদৰ্শৰ লগতে বিধায়ক মৃনাল শইকীয়াৰ সমষ্টি উন্নয়নৰ প্ৰতি আকৃষ্ট হৈ যোগদান কৰে জনতা পাৰ্টীত ।

খুমটাইত কেইবা শতাধিক লোকে যোগদান কৰিলে বিজেপিত

উল্লেখযোগ্য যে, এই যোগদান কাৰ্যসূচীত উপস্থিত আছিল খুমটাইৰ বিধায়ক মৃনাল শইকীয়া, গোলাঘাট জিলা সমিতিৰ উপসভাপতি হৰিপ্ৰসাদ ঠাকুৰ ।


লগতে পঢ়কঃ পৰাগ ভূঞাৰ মৃত্যুৰ তদন্তৰ দাবীত প্ৰতিবাদ

ABOUT THE AUTHOR

...view details