গোলাঘাট, 6 মাৰ্চ : ভাৰতীয় জনতা পাৰ্টিৰ টিকটৰ পৰা বঞ্চিত হোৱাৰ পিচতেই গোলাঘাটত কংগ্ৰেছত ন-কৈ যোগদান কৰা বিতুপন শইকীয়াক ৰাইজৰ বিপুল আদৰণি । গুৱাহাটীত আনুষ্ঠানিক ভাৱে বিতুপন শইকীয়াই কংগ্ৰেছত যোগদান কৰাৰ পিচতে পাঁচ সহশ্ৰাধিক লোকৰ উপস্থিতিত এক বৃহৎ বাইক ৰেলীৰে বিতোপন শইকীয়াৰ সমৰ্থনকাৰী সকলৰ লগতে গোলাঘাট জিলা কংগ্ৰেছৰ বিষয় ববীয়া সকলে ৰঙাজানৰ পৰা আদৰি আনে বিতুপন শইকীয়াক। উল্লেখ্য যে, বিজেপিয়ে যোগ্য জনক সন্মান দিব নোৱাৰে বুলি গোলাঘাটত উপস্থিত হৈয়েই মন্তব্য কৰে বিতুপন শইকীয়াই ।
গোলাঘাটত ন-কংগ্ৰেছী নেতা বিতুপন শইকীয়াক বিপুল আদৰণি - বিজেপিয়ে যোগ্য জনক সন্মান দিব নোৱাৰে
শনিবাৰে গোলাঘাট জিলা কংগ্ৰেছৰ বিষয় ববীয়া সকলে এক বৃহৎ বাইক ৰেলীৰে আদৰণি জনালে ন-কংগ্ৰেছী নেতা বিতুপন শইকীয়াক ৷ বিজেপিয়ে যোগ্য জনক সন্মান দিব নোৱাৰে বুলি মন্তব্য কৰিছে প্ৰাক্তন বিজেপি নেতা বিতুপন শইকীয়াই ।
গোলাঘাটত ন-কংগ্ৰেছী নেতা বিতুপন শইকীয়াক বিপুল আদৰণি
বিগত 7 টা বছৰে ভাৰতীয় জনতা পাৰ্টিত কাম কৰি ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিজন কাৰ্য্যকৰ্তাক ধৰি ৰখাৰ পিচতো ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থীত্ব প্ৰদানৰ পৰা বঞ্চিত কৰিলে বুলি দুখ প্ৰকাশ কৰে প্ৰাক্তন বিজেপিৰ প্ৰভাৱশালী নেতা বিতুপন শইকীয়াই ।