খুমটাই, 4 জানুৱাৰীঃ "বৰ্তমান খুমটাই সমষ্টিৰ ৰাইজ শংকিত। প্ৰাণৰ শংকাত ভুগিছে খুমটাইবাসীয়ে ৷ আতংকময় পৰিৱেশ সৃষ্টি কৰিছে বিধায়ক মৃনাল শইকীয়াই ৷ উচিত বিচাৰৰ বাবে ন্যায়িক তদন্ত ঘোষণা কৰা হওক।" শনিবাৰে গোলাঘাট কংগ্ৰেছ ভৱনত এখন সংবাদমেল সম্বোধন কৰি এই ভয়ংকৰ অভিযোগ উত্থাপন কৰাৰ লগতে বিধায়ক মৃণাল শইকীয়াক তীব্ৰ সমালোচনা কৰে খুমটাই সমষ্টিৰ প্ৰাক্তন বিধায়িকা তথা কংগ্ৰেছ নেত্ৰী বিস্মিতা গগৈয়ে ৷ বিধায়ক মৃনাল শইকীয়াই ২ জানুৱাৰীত হাবিয়াল গাঁৱত কংগ্ৰেছ কৰ্মীৰ ওপৰত চলোৱা আক্ৰমণক তীব্ৰ সমালোচনা কৰি কয় যে,বিধায়ক গৰাকীৰ বাবেই খুমটাইত সৃষ্টি হৈছে আতংকময় পৰিৱেশৰ। হাবিয়াল গাঁৱত সংঘটিত হোৱা ঘটনাৰ ন্যায়িক তদন্তৰ দাবী উত্থাপন কৰে প্ৰাক্তন বিধায়িকা গৰাকীয়ে। বিস্মিতা গগৈয়ে লগতে,বিধায়ক মৃণাল শইকীয়াই চ'ছিয়েল মিডিয়াৰ জৰিয়তে বিভিন্ন আপত্তি জনক পোষ্ট দি আৰক্ষীৰ তদন্তক বিপথে পৰিচালিত কৰা চেষ্টা কৰাৰ লগতে বিধায়িকা গৰাকীৰ সামাজিক ভাৱমূৰ্তি নষ্ট কৰিবলৈ চেষ্টা কৰা কাৰ্যৰ উচিত তদন্তৰ দাবী কৰে ৷
বিধায়ক মৃণাল শইকীয়াক তীব্ৰ সমালোচনা বিস্মিতা গগৈৰ - বিস্মিতা গগৈ
খুমটাইৰ বিধায়ক মৃণাল শইকীয়াৰ বিৰুদ্ধে আন্দেলনকাৰীক ভাবুকি প্ৰদান কৰাৰ অভিযোগ উত্থাপন কৰিলে প্ৰাক্তন বিধায়িকা বিস্মিতা গগৈয়ে ৷ বিধায়ক মৃণাল শইকীয়াই চ'ছিয়েল মিডিয়াৰ জৰিয়তে বিভিন্ন আপত্তিজনক পোষ্ট দি আৰক্ষীৰ তদন্তক বিপথে পৰিচালিত কৰা চেষ্টা কৰাৰ লগতে বিধায়িকা গৰাকীৰ সামাজিক ভাৱমূৰ্তি নষ্ট কৰিবলৈ চেষ্টা কৰা কাৰ্যৰ উচিত তদন্তৰ দাবী কৰে কংগ্ৰেছ নেত্ৰী গৰাকীয়ে ৷
বিজেপি চৰকাৰক ক্ষুৰধাৰ সমালোচনা বিস্মিতা গগৈৰ
প্ৰাক্তন বিধায়িকা গৰাকীয়ে লগতে উল্লেখ কৰে যে,অসম আন্দোলনৰ সময়ত কংগ্ৰেছ চৰকাৰৰ পদক্ষেপত অসম চুক্তি ৰূপায়ণ কৰি অসমত শান্তি প্ৰতিষ্ঠা কৰিছিল ৷ কিন্তু বৰ্তমান ৰাজ্যখনত শান্তিৰ পৰিবেশ বাহাল ৰখাত ব্যৰ্থ হৈছে বিজেপি চৰকাৰ ৷ ক্ৰমান্বয়ে ৰাজ্যৰ পৰিস্থিতিৰ অৱনতি ঘটিছে বুলি অভিযোগ উত্থাপন কৰে বিস্মিতা গগৈয়ে ৷
লগতে পঢ়কঃযোৰহাটত সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ প্ৰতিমূৰ্তি দাহ