গোলাঘাট,9 ডিচেম্বৰঃ আঘোণৰ পথাৰত কৃষকৰ ভীষণ ব্যস্ততা ৷ ইয়াৰ মাজতে ৰাজনীতিৰ পথাৰ এৰি এইবাৰ ধাননি পথাৰত নামিল এগৰাকী কংগ্ৰেছ নেত্ৰী ৷ আঘোণৰ পথাৰত বিহুনাম গাই ৰবাব টেঙাৰ জুতি লৈ নষ্টালজিক হৈ পৰিল কংগ্ৰেছ নেত্ৰীগৰাকী ৷ খুমটাইৰ কচুপথাৰত দাৱনীৰ ৰূপত হাতত কাঁচি লৈ ধান দোৱাত ব্যস্ত দেখা গ’ল প্ৰাক্তন মন্ত্ৰী বিস্মিতা গগৈক ৷ ৰাজনীতিৰ পথাৰত সততে দেখি অহা বিস্মিতা গগৈক হাতত কাঁচি, মুখত বিহুনামেৰে এক ভিন্ন ৰূপত দেখিবলৈ পোৱা গ’ল ধাননি পথাৰত ৷
খুমটাইৰ পথাৰত ধান দোৱাত ব্যস্ত প্ৰাক্তন মন্ত্ৰী বিস্মিতা গগৈ
ৰাজনীতিৰ পথাৰত সততে দেখি অহা বিস্মিতা গগৈক হাতত কাঁচি, মুখত বিহুনামেৰে এক ভিন্ন ৰূপত দেখিবলৈ পোৱা গ’ল ধাননি পথাৰত ৷ খুমটাইৰ কচুপথাৰত বহুকেইগৰাকী দাৱনীৰ সৈতে ধান দাই নষ্টালজিক হৈ পৰিল প্ৰাক্তন মন্ত্ৰীগৰাকী ৷
খুমটাইৰ পথাৰত ধান দোৱাত ব্যস্ত প্ৰাক্তন মন্ত্ৰী বিস্মিতা গগৈ
খুমটাইৰ কচুপথাৰত বহুকেইগৰাকী দাৱনীৰ সৈতে ধান দাই নষ্টালজিক হৈ পৰিল প্ৰাক্তন মন্ত্ৰীগৰাকী ৷ ধান দোৱাৰ মাজতে কলপাতত ৰবাব টেঙাৰ জুতি লৈ বিহুনাম গাই আনন্দ ফূৰ্তি কৰিলে নেত্ৰীগৰাকীয়ে ৷ সৰুকালত দেউতাকৰ লগত পথাৰলৈ গৈ লেচেৰি বুটলাৰ স্মৃতিও ৰোমন্থন কৰে বিস্মিতা গগৈয়ে ৷ মুঠতে ৰাজ্যত বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে প্ৰতিগৰাকী ৰাজনৈতিক নেতাই সাধাৰন ৰাইজক আকৰ্ষণ কৰিবলৈ বিভিন্ন কাৰ্যপন্থা হাতত লোৱা পৰিলক্ষিত হৈছে ৷