গোলাঘাট,29 জুলাই:অসম-মিজো সীমান্তৱৰ্তী লাইলাপুৰত সংঘটিত হোৱা ঘটনাক লৈ ৰাজ্যত অব্যাহত আছে তীব্ৰ প্ৰতিবাদ৷ বিভিন্ন দল-সংগঠনে এই ঘটনাকলৈ ৰাজ্যৰ বিভিন্ন জিলাত প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে ঘটনাত জড়িত দোষীক উচিত শাস্তি প্ৰদান কৰাৰ দাবী উত্থাপন কৰিছে৷ ইয়াৰ মাজতে বৃহস্পতিবাৰে লাইলাপুৰত শ্বহীদ বৰণ কৰা অসম আৰক্ষী জোৱানৰ স্মৃতিত বন্তি প্ৰজ্বলন কৰে বীৰ লাচিত সেনা,গোলাঘাট জিলা সমিতিয়ে ৷ মিজো দুৰ্বৃত্তৰ বৰ্বৰতাত প্ৰাণ আহুতি দিয়া অসম আৰক্ষীৰ জোৱানসকলৰ আত্মাৰ সদগতিৰ অৰ্থে এই কাৰ্যসূচী ৰূপায়ন কৰে বীৰ লাচিত সেনাই ৷
ৰাজ্য চৰকাৰৰ ব্যৰ্থতাৰ বাবেই এনেধৰণৰ ঘটনা অসমত সংঘটিত হোৱা বুলি মন্তব্য কৰিছে সংগঠনটোৰ সদস্যসকলে৷ লগতে অসম-নাগালেণ্ড সীমান্তৱৰ্তী গোলাঘাটৰ মেৰাপানী,সৰুপথাৰতো দীৰ্ঘদিন ধৰি অনুৰূপ পৰিৱেশে বিৰাজ কৰাৰ পাছতো চৰকাৰখনে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে ক্ষোভিত হৈ পৰিছে সংগঠনটোৰ প্ৰতিনিধি ৷ স্বাধীনতা লাভৰ ইমান বছৰৰ পাছতো অসম খনক মাহী আইৰ দৃষ্টিৰে চোৱা ভাৰত চৰকাৰক অসম-নাগালেণ্ড সীমান্ত,ভাৰত-বাংলা সীমান্তৰ লগতে অসমৰ প্ৰতিটো আন্তৰ্জাতিক তথা আন্তঃৰাষ্ট্ৰীয় সীমান্ত সুৰক্ষিত কৰাৰো দাবী জনায় সংগঠনটোৱে ৷ লগতে এই সন্দৰ্ভত অসম চৰকাৰক উচিত পদক্ষেপ গ্ৰহণ কৰাৰ দাবী উত্থাপন কৰিছে বীৰ লাচিত সেনা,গোলাঘাট জিলা সমিতিয়ে ৷