অসম

assam

By

Published : Jun 10, 2021, 8:01 AM IST

ETV Bharat / state

ধনশিৰিত মহকুমাধিপতিক ছাত্ৰ সন্থাৰ স্মাৰক পত্ৰ প্ৰদান

গোলাঘাট জিলাৰ বৰপথাৰ মৌজাৰ বিলগাঁৱৰ মাজেদি পাৰ হৈ যোৱা নীপকোৰ প্ৰয়োজনতকৈ অধিক চাপৰ বিদ্যুৎ পৰিবাহী তাঁৰে বিপদাপন্ন কৰি তুলিছে বিলগাঁৱবাসীৰ জীৱন । ৰাইজৰ এনে বিপদ দেখি শেহতীয়াকৈ বিলগাঁও আঞ্চলিক ছাত্ৰ সন্থাই ধনশিৰিৰ মহকুমাধিপতিক বিষয়টো সন্দৰ্ভত স্মাৰক পত্ৰ প্ৰদান কৰে ৷

bilgaon-aasu-sents-memorandum-to-sdo
বিলগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ স্মাৰক পত্ৰ প্ৰদান

সৰুপথাৰ,10 জুন:ধনশিৰি মহকুমাৰ বিভিন্ন অঞ্চলৰ লগতে মহকুমাটোৰ অন্তৰ্গত বৰপথাৰ মৌজাৰ বিলগাঁৱৰ মাজেদি পাৰ হৈ গৈছে নীপকো(NEEPCO)ৰ বিদ্যুৎ পৰিবাহী তাঁৰ । বৃহত্তৰ এই অঞ্চলটোত বিদ্যুৎ পৰিবাহী তাঁৰসমূহ প্ৰয়োজনতকৈ অধিক চাপৰ হৈ থকাৰ বাবেই ৰাইজে দীৰ্ঘদিন ধৰি বিভিন্ন অসুবিধাৰ সন্মুখীন হৈ আহিছে ৷ ইয়াৰ উপৰিও অঞ্চলটোত একেটা কাৰণত বিগত সময়ত দুৰ্ভাগ্যজনকভাৱে মৃত্যু হৈছে স্থানীয় ব্যক্তিৰ ।

বিলগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ স্মাৰক পত্ৰ প্ৰদান

ইয়াৰ পৰিপ্ৰেক্ষিতত বিলগাঁও আঞ্চলিক ছাত্ৰ সন্থা(Bilgaon aasu)ই ধনশিৰিৰ মহকুমাধিপতি (SDO DHANSIRI) গৰাকীক ৰাইজৰ এই সমস্যাসমূহ দূৰ কৰিবৰ বাবে এখন স্মাৰক পত্ৰ প্ৰদান কৰে ৷ উক্ত স্মাৰক পত্ৰত স্বাক্ষৰ কৰে বিলগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি তপন বৰা তথা সাধাৰণ সম্পাদক অৱনী গগৈয়ে ৷

লগতে পঢ়ক:'কা'ৰ বিধি প্ৰস্তুতৰ বাবে গৃহ মন্ত্ৰণালয়ে বিচাৰিলে আৰু তিনিমাহ

ABOUT THE AUTHOR

...view details