অসম

assam

ETV Bharat / state

গোলাঘাটত গ্ৰেপ্তাৰ দুধৰ্ষ বাইক চোৰ

গোলাঘাটত আৰক্ষীৰ জিম্মাত দুধৰ্ষ বাইক চোৰ কুৰবান আলী । হামদৈপুল, এ এচ টি চি কলনী, টেনপুৰ, শালমৰা আদি ভিন্ন স্থানত চুৰিকাৰ্য সংঘটিত কৰি আহিছে কুৰবান আলীৰ লগতে গুদু আলী আৰু ৰাহুল বৰাই ।

By

Published : Dec 26, 2020, 10:36 PM IST

গোলাঘাটত দুধৰ্ষ বাইক চোৰ গ্ৰেপ্তাৰ
গোলাঘাটত দুধৰ্ষ বাইক চোৰ গ্ৰেপ্তাৰ

গোলাঘাট, ২৬ ডিচেম্বৰ: আৰক্ষীৰ চকুত ধূলি দি দীৰ্ঘদিন ধৰি চুৰি কাৰ্য চলাই অহা দুধৰ্ষ বাইক চোৰ কুৰবান আলীক গ্ৰেপ্তাৰ গোলাঘাট আৰক্ষীৰ । বিভিন্ন সময়ত ধৃত চোৰটোৱে তাৰ সহযোগীৰ সৈতে মিলি জিলাখনৰ ভিন্ন স্থানত চুৰিকাণ্ড সংঘটিত কৰি অহাত শনিবাৰে গোলাঘাট আৰক্ষীয়ে এক অভিযান চলায় । অভিযানকালত আৰক্ষীয়ে ফৰকাটিং অঞ্চলৰ নিবাসী কুৰবান আলীক গ্ৰেপ্তাৰ কৰে । সম্প্ৰতি আৰক্ষীৰ জেৰাত কুৰবান ।

গোলাঘাটত দুধৰ্ষ বাইক চোৰ গ্ৰেপ্তাৰ

ধৃত কুৰবানৰ স্বীকাৰোক্তিত গুদু আলী আৰু ৰাহুল বৰা নামৰ আন দুটা গভাইত চোৰৰ নাম উল্লেখ কৰে । সম্প্ৰতি গুদু আৰু ৰাহুলৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

উল্লেখ্য যে জিলাখনৰ হামদৈপুল, এ এচ টি চি কলনী, টেনপুৰ, শালমৰা আদি ভিন্ন স্থানত আৰক্ষীৰ নিদ্ৰাহৰণ কৰি দীৰ্ঘদিনে বাইক চোৰ কৰি সন্ত্ৰাস চলাই আহিছিল চোৰৰ দলটোৱে ।

লগতে পঢ়ক: গোৱালপাৰাত বন্যহস্তীৰ তাণ্ডৱ

For All Latest Updates

ABOUT THE AUTHOR

...view details