দেৰগাঁও, আগষ্ট 08 : এখন কিতাপৰ বাবে আটক এগৰাকী সাহিত্যিক ৷ সন্দেহ, নিষিদ্ধ ঘোষিত সংগঠন সংযুক্ত মুক্তি বাহিনী অসমৰ সৈতে সম্পৰ্ক ৰক্ষা ৷ সাহিত্যিক গৰাকী হ'ল গোলাঘাটৰ বিজু বৰি ৷ বুধবাৰে ডিব্ৰুগড়ৰ পৰা আৰক্ষীয়ে আটক কৰিছিল কনক পেগু, চয়নিকা কামান,কবিতা কামান,দেৱজ্যোতি দুৱৰা নামৰ চাৰিগৰাকী আলফাৰ লিংকমেন । তেওঁলোকৰ পৰা আৰক্ষীয়ে জব্দ কৰিছিল আলফাৰ পতাকা, সাতটা ম'বাইল, আৰু বিজু বৰিৰ " মাওবাদৰ ইতিহাস সংগ্ৰাম আৰু অন্যান্য " নামৰ কিতাপখন ৷ চয়নিকা কামান নামৰ লিংকমেন গৰাকীৰ পৰা এই কিতাপখন জব্দ হোৱাৰ পিচত দেৰগাঁও আৰক্ষীয়ে আলফাৰ সৈতে সম্পৰ্ক ৰক্ষাৰ সন্দেহত নিশাই আটক কৰে বিজু বৰিক ৷
সঁচাকৈয়ে আলফাৰে সম্পৰ্ক আছে নেকি বিজু বৰিৰ ! - দেৰগাঁও
এখন কিতাপৰ বাবে আটক এগৰাকী সাহিত্যিক ৷ চয়নিকা কামান নামৰ আলফাৰ লিংকমেন গৰাকীৰ পৰা " মাওবাদৰ ইতিহাস সংগ্ৰাম আৰু অন্যান্য " নামৰ কিতাপখন জব্দ হোৱা পিচত দেৰগাঁও আৰক্ষীয়ে আলফাৰ সৈতে সম্পৰ্ক ৰক্ষাৰ সন্দেহত নিশাই আটক কৰে বিজু বৰিক ৷
আনহাতে, সাহিত্যিকগৰাকীক আটক কৰাৰ খবৰ লাভ কৰাৰ পাচতেই দেৰগাঁও থানাত ভিৰ কৰেহি তেখেতৰ একাংশ অনুৰাগীয়ে ৷ পৰৱৰ্তী সময়ত আৰক্ষীয়ে বিজু বৰিক মুকলি কৰি দিয়ে যদিও এই ঘটনাক লৈ জনপ্ৰিয় চ'ছিয়েল মিডিয়া ফেচবুকত তীব্ৰ চৰ্চা হোৱা দেখা গৈছে ৷
উল্লেখ্য যে, কিছুদিন পূৰ্বে গুৱাহাটীৰ জু-ৰোড বিস্ফোৰণত জড়িত থকাৰ সন্দেহত আটক হৈছিল জাহ্নৱী শইকীয়া নামৰ এগৰাকী অভিনেত্ৰী আৰু সঞ্জীৱ তালুকদাৰ নামৰ এগৰাকী ছাত্ৰ নেতা ৷ এইদৰে সমাজৰ একাংশ জ্ঞানী-গুণী ব্যক্তিৰ নিষিদ্ধ ঘোষিত সংগঠনৰ সৈতে সম্পৰ্ক থকা ঘটনা যথেষ্ট উদ্বেগজনক ৷