গোলাঘাট, 4 এপ্ৰিল : নিৰ্বাচনৰ ধামখূমীয়াৰ মাজতে সমগ্ৰ ৰাজ্যতে চলিছে ব’হাগ বিহুৰ প্ৰস্তুতি । অসমীয়াৰ বাপতি সাহোন ব’হাগ বিহুলৈ মাজত মাথো কেইটিমান দিন বাকী । তাৰ প্ৰাকক্ষণত গাঁৱৰ ডেকা গাভৰু সকল ব্যস্ত হৈ পৰিছে বিহুৰ আখৰা আৰু কৰ্মশালাত । বিগত বৰ্ষত ক’ভিড সৃষ্ট পৰিৱেশৰ বাবে বিহু উদযাপনৰ পৰা বিৰত আছিল প্ৰতিগৰাকী অসমীয়া ।
গোলাঘাটৰ খুমটাইৰ আধাৰসত্ৰত বিহু কৰ্মশালা
খুমটাইৰ ডেকা দোলাকাষৰীয়া গাঁৱৰ আদিত্য ক্লাবত অনুষ্ঠিত হৈছে বিহু কৰ্মশালা ৷ বেতিয়নী মণ্ডল সমল কেন্দ্ৰৰ অধীনৰ ১০ খন চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক বিহু কৰ্মশালাত প্ৰশিক্ষণ প্ৰদান কৰা হয় ৷
কিন্তু এইবেলি দুগুণ উৎসাহেৰে বাপতি সাহোন বিহুটিক আদৰিবলৈ সাজু হৈছে সকলো । যাৰবাবে সীমাহীন ব্যস্ততা সকলোৰে মাজত । খুমটাইৰ ডেকা দোলাকাষৰীয়া গাঁৱৰ আদিত্য ক্লাবত অনুষ্ঠিত হৈছে বিহু কৰ্মশালা । বেতিয়নী মণ্ডল সমল কেন্দ্ৰৰ অধীনৰ ১০ খন চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক বিহু কৰ্মশালাত প্ৰশিক্ষণ প্ৰদান কৰিছে । চৰকাৰী বিদ্যালয়ৰ প্ৰতি অভিভাৱকসকলক আকৰ্ষিত কৰি ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বৃদ্ধি কৰাৰ লক্ষ্যৰে শিশু সকলৰ বাবে বিহু কৰ্মশালা আয়োজন কৰা হৈছে ।
লগতে পঢ়ক :হিৰণ্য কুমাৰ ভট্টাচাৰ্যৰ বিয়োগত বিধায়ক মৃনাল শইকীয়াৰ শোক প্ৰকাশ