অসম

assam

ETV Bharat / state

খুমটাইত কণমানিসকলৰ সৈতে বিহু মাৰিলে অভিনেতা উৎপল দাসে - উৎপল দাস

1939 চনৰ পৰাই ধাৰাবাহিকভাৱে 83 বছৰধৰি মঞ্চবিহু উদযাপন বেতিয়নি গাঁওবাসীৰ

খুমটাইত কণমানিসকলৰ সৈতে বিহু মাৰিলে অভিনেতা উৎপল দাসে

By

Published : Mar 28, 2019, 5:49 PM IST

গোলাঘাট,28 মাৰ্চঃৰাজ্যবাসীৰ মাজত এতিয়া ৰঙালীৰ উচাহ ৷ সমগ্ৰ ৰাজ্যৰ সমান্তৰালকৈ এতিয়া চেনেহৰ বিহুটিক আদৰিবলৈ সাজু অসমৰ প্ৰথমখন মঞ্চ বিহু অনুষ্ঠিত হোৱা খুমটাইৰ বেতিয়নি বিহু মঞ্চ ৷ উল্লেখ্য যে, 1939 চনত প্ৰথমবাৰলৈ মঞ্চস্থ হৈছিল বিহু ৷ তেতিয়াৰ পৰাই ধাৰাবাহিকভাৱে 83 টা বছৰে মঞ্চবিহু উদযাপন কৰি আহিছে বেতিয়নি গাঁওবাসীয়ে ।যদিও এইবাৰ বিহু আৰু নিৰ্বাচন একে সময়তে, তথাপিও চেনেহৰ ৰঙালী বিহুটিক আদৰাৰ ক্ষেত্ৰত হেঙাৰ হ'ব পৰা নাই লোকসভা নিৰ্বাচন ।

খুমটাইত কণমানিসকলৰ সৈতে বিহু মাৰিলে অভিনেতা উৎপল দাসে

এইবাৰ তিনিদিনীয়াকৈ মঞ্চবিহুৰ আয়োজন কৰিছে বেতিয়নি গাঁওবাসীয়ে ।বিহুক আদৰাৰ সমান্তৰালকৈ বিহু কৰ্মশালা অনুষ্ঠিত কৰি কণ-কণ শিশু, কিশোৰ-কিশোৰীক অনুপ্ৰেৰণা যোগাইছে বেতিয়নিবাসীয়ে ।এই কৰ্মশালাত প্ৰশিক্ষণ প্ৰদান কৰিছে বিহু ৰাণী পাপৰি মজুমদাৰ আৰু জয়ন্ত বৰাই । ইয়াৰ উপৰিও অসমীয়া চলচ্চিত্ৰ জগতৰ উদীয়মান অভিনেতা উৎপল দাসে কৰ্মশালাত অংশগ্ৰহণ কৰি বিহু নাচি অনুপ্ৰাণিত কৰে প্ৰশিক্ষাৰ্থীসকলক ।

ABOUT THE AUTHOR

...view details