নিউজ ডেস্ক, 11 জানুৱাৰীঃআঘোণৰ লখিমীক ভঁৰাললৈ চপাই প্ৰাচুৰ্যৰে ভৰা ভোগৰ বিহুটিক আদৰিবলৈ সাজু হৈ পৰিছে অসমবাসী ৷ সমাগত ভোগৰ উৎসৱ ভোগালী বিহু ! য'ত নিহিত হৈ থাকে কৃষিজীৱী চহা সমাজৰ প্ৰাপ্তিৰ আনন্দ ৷ ভোগালী বিহু উপলক্ষে সকলোৰে এতিয়া অন্ত নোহোৱা হৈছে ব্যস্ততাৰ ৷ ঢেঁকীৰ মাতত চুবুৰী কঁপাই অসমীয়াই যা যোগাৰ চলাইছে ভোগৰ পিঠা-পনাৰ ৷ অসমৰ চুকে কোণে এতিয়া প্ৰস্তুতি চলিছে সংকটৰ মাজতো বাপতি সাহোন বিহু উদযাপনৰ ৷
সংকটৰ মাজতো বাপতি সাহোন ভোগালী বিহুক আদৰাৰ প্ৰস্তুতি অসমবাসীৰ - bihu preparation
অসমৰ ভিন্ন প্ৰান্তত প্ৰস্তুতি চলিছে ভোগৰ উৎসৱ ভোগালী বিহু আদৰাৰ ৷ আৰম্ভ হৈছে ভেলাঘৰ নিৰ্মাণৰ অঘোষিত প্ৰতিযোগিতা ৷
![সংকটৰ মাজতো বাপতি সাহোন ভোগালী বিহুক আদৰাৰ প্ৰস্তুতি অসমবাসীৰ ভোগালী বিহু](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-5669595-thumbnail-3x2-kk.jpg)
ভোগালী বিহুক আদৰাৰ প্ৰস্তুতি অসমবাসীৰ