অসম

assam

By

Published : Jan 12, 2020, 2:01 PM IST

ETV Bharat / state

ভোগালীক আদৰাৰ প্ৰস্তুতি বিধায়ক মৃণাল শইকীয়াৰ

নিজেই হাতত কুঠাৰ লৈ বিধায়ক মৃণাল শইকীয়াই মেজিৰ বাবে ফালিলে খৰি । খৰি ফালি পুৰণি স্মৃতি দোহাৰিলে খুমটাইৰ বিধায়ক গৰাকীয়ে ৷

golaghat
গোলাঘাট

গোলাঘাট, 12 জানুৱাৰীঃবিহুলৈ মাজত মাথো কেইটামান দিন ৷ সকলো অসমীয়াই ইতিমধ্যে ভোগালীক আদৰিবলৈ সাজু হৈছে ৷ পিচ পৰি ৰোৱা নাই খুমটাইৰ বিধায়ক মৃণাল শইকীয়াও ৷

বিধায়ক মৃণাল শইকীয়াৰ বিহুক আদৰাৰ প্ৰস্তুতি
বিধায়ক মৃণাল শইকীয়াই চলালে ভোগালীক আদৰাৰ প্ৰস্তুতি
বিধায়কগৰাকীৰ নিজ ঘৰৰ কাষৰ পথাৰত সজা হৈছে ভেলা ঘৰ ৷ মেজি তৈয়াৰ কৰিবৰ বাবে বিধায়ক শইকীয়াই নিজেই হাতে কামে লাগি যোৱা পৰিলক্ষিত হয় ৷ ইপিনে বিধায়কগৰাকীৰ ওচৰ চুবুৰীয়াই তেওঁৰ ঘৰৰ ঢেঁকী শালত প্ৰস্তুত কৰিলে ভোগালীৰ চিৰা পিঠা ৷ চুবুৰীয়া মহিলাই ঢেঁকীত চিৰা পিঠা সান্দহ তৈয়াৰ কৰাৰ লগতে প্ৰস্তুত কৰিছে তিল পিঠা, ঘিলা পিঠা, তেল পিঠা, লাড়ু ইত্যাদি ৷ আশীৰ ঊৰ্দ্ধৰ আইতাও আহিল বিধায়কগৰাকীৰ বাসগৃহত ঢেঁকী দিবলৈ ৷ বিহুৰ জলপান আয়োজনৰ মাজতে মহিলা সকলে আনন্দত বিহু মাৰি স্ফুৰ্তি কৰাও দেখা পোৱা গ'ল ৷ আনহাতে মাঘৰ বিহুৰ প্ৰস্তুতিৰ মাজতে মৃণাল শইকীয়াই সাংবাদিকৰ আগত ক'লে লৰালি কালৰ কিছু কথা ৷

ABOUT THE AUTHOR

...view details