গোলাঘাট, 14 এপ্ৰিল : আজি গৰু বিহু ৷ ৰাজ্যজুৰি উলহ-মালহেৰে পালন কৰা হৈছে গৰু বিহু ৷ গোলাঘাটত গৰুক গা ধুৱাই পথাৰতে এপাক নাচিলে কণ কণ মইনাহঁতৰ পৰা আৰম্ভ কৰি ডেকা-গাভৰুৱে ।
গোলাঘাটত বিহুৰ আখৰাত ব্যস্ত কণ-কণ শিশু
গোলাঘাটৰ লৱনঘাটত মাহ-হালধীৰে গৰুক গা-ধুৱাই মানুহ বিহুৰ দিনা মুকলি পথাৰৰ লগতে ঘৰে ঘৰে হুঁচৰি গাই পৰম্পৰা ৰক্ষা কৰিবলৈ অন্তিম আখৰাত ব্যস্ত হৈ পৰিছে গাঁওখনৰ কণ কণ শিশুসকল ।
গোলাঘাটত বিহুৰ আখৰাত ব্যস্ত কণ-কণ শিশু
কাইলৈ মানুহ বিহু । ঘৰে ঘৰে হুঁচৰি মৰাৰ সময় এতিয়া । মুকলি পথাৰত অন্তিম আখৰাত ব্যস্ত জাতি-বৰ্ণ-ধৰ্ম নিৰ্বিশেষে সকলো । সমান্তৰালকৈ গোলাঘাটৰ লৱনঘাটত মাহ-হালধীৰে গৰুক গা-ধুৱাই মানুহ বিহুৰ দিনা মুকলি পথাৰৰ লগতে ঘৰে ঘৰে হুঁচৰি গাই পৰম্পৰা ৰক্ষা কৰিবলৈ অন্তিম আখৰাত ব্যস্ত হৈ পৰিছে গাঁওখনৰ কণ কণ শিশুসকল ।