অসম

assam

ETV Bharat / state

গোলাঘাটত আটক বিহাৰৰ 17 জন শ্ৰমিক - তিতাবৰৰ পৰাণ কুৰ্মী

সোমবাৰে গোলাঘাটৰ লৱনঘাটত আটক অসমত কৰ্মৰত বিহাৰৰ 17 জন ইটা ভাটাৰ শ্ৰমিক । ইটা ভাটা বন্ধ হোৱা হেতুকে খাদ্য সামগ্ৰীৰ অভাৱত যোৰহাটৰ তিতাবৰৰ পৰা বিহাৰৰ নিজ ঘৰলৈ চাইকেলৰে গৈ থাকোতে একাংশ লোকে বাট আগচি ধৰি বোকাখাট আৰক্ষীক খবৰ দিয়ে ৷ বোকাখাটৰ দণ্ডাধীশৰ উপস্থিতিত পুনৰ ইটা ভাটাৰ স্থানলৈ পঠোৱা হয় শ্ৰমিককেইজনক ৷

গোলাঘাটত আটক বিহাৰৰ 17 জন শ্ৰমিক
গোলাঘাটত আটক বিহাৰৰ 17 জন শ্ৰমিক

By

Published : Apr 27, 2020, 3:11 PM IST

গোলাঘাট, 27 এপ্ৰিল :গোলাঘাটৰ লৱনঘাটত সোমবাৰে 17 জন ইটা ভাটাৰ শ্ৰমিকক আটক কৰে আৰক্ষীয়ে ৷ এই শ্ৰমিককেইজন যোৰহাটৰ তিতাবৰৰ পৰাণ কুৰ্মী নামৰ লোক এজনৰ MBF নামৰ ইটা ভাটাটোৰ শ্ৰমিক আৰু তেওঁলোক বিহাৰৰ বুলি জানিব পৰা গৈছে ৷

গোলাঘাটত আটক বিহাৰৰ 17 জন শ্ৰমিক

উল্লেখ্য যে, লক ডাউনৰ বাবে ইটা ভাটা বন্ধ হোৱাৰ ফলত খাদ্য সামগ্ৰীৰ অভাৱত শ্ৰমিককেইজনে চাইকেলেৰে নিজ জিলা গৃহ বিহাৰৰ চিকামন্দিলৈ যাত্ৰা আৰম্ভ কৰিছিল ৷ ইফালে একাংশ লোকে নুমলীগড়ৰ সমীপৰ লৱনঘাটৰ 39 নং ৰাষ্ট্ৰীয় ঘাই পথত বাট আগচি ধৰি বোকাখাট আৰক্ষীক খবৰ দিয়ে ৷ বোকাখাটৰ দণ্ডাধীশৰ উপস্থিতিত শ্ৰমিক কেইজনক নুমলীগড় আৰক্ষী চকীত ৰাখি পুনৰ ইটা ভাটাৰ স্থানলৈ পঠোৱাৰ ব্যৱস্থা কৰা হয় ৷

গোলাঘাটত আটক বিহাৰৰ 17 জন শ্ৰমিক

লগতে পঢ়ক : পানীদিহিং পক্ষী অভয়াৰণ্যত মুকলি 11 টা শগুণ

ABOUT THE AUTHOR

...view details