অসম

assam

By

Published : Oct 6, 2019, 2:12 PM IST

Updated : Oct 6, 2019, 3:17 PM IST

ETV Bharat / state

বৃহত্তৰ হিন্দু ৰাষ্ট্ৰ গঢ়াৰ বাবে সকলোৱে সংকল্প ল'ব লাগে : আঙুৰলতা

গোলাঘাটত অনুস্থিত ভাৰত মাতা পূজন অনুস্থানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি উদাত্ত কণ্ঠৰে ভাষণ প্ৰদান কৰে বিধায়িকা আঙুৰলতা ডেকাই ৷ বৃহত্তৰ হিন্দু ৰাষ্ট্ৰ গঢ়াৰ বাবে সকলোৱে সংকল্প ল'ব লাগে বুলি মন্তব্য কৰে বিধায়িকাগৰাকীয়ে ৷

ভাৰত মাতা পূজন

গোলাঘাট, 6 অক্টোবৰ : গোলাঘাটত অনুস্থিত ভাৰত মাতা পূজন অনুস্থানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি উদাত্ত কণ্ঠৰে ভাষণ প্ৰদান কৰে বিধায়িকা আঙুৰলতা ডেকাই ৷ ভাষণ প্ৰসংগত বিধায়িকাগৰাকীয়ে কয় যে, দেশত বহু অশুভ শক্তি আছে, এই দেশতে থাকি দেশৰে বায়ু-পানী খাইছে যদিও বেলেগ দেশৰ গুণ-গৰিমা গাই ফুৰে ৷ এই অশুভ শক্তিক চিনাক্ত কৰিবৰ সময় হ'ল বুলি মন্তব্য কৰে বিধায়িকাগৰাকীয়ে ৷ এখন হিন্দু ৰাষ্ট্ৰ গঢ় দিয়াৰ ক্ষেত্ৰত সকলো একত্ৰিত হ'বৰ সময় হ'ল বুলি ভাষণ প্ৰদান কৰে বিধায়িকাগৰাকীয়ে । সমাজত বৰ্তমানেও বহু সৎ ব্যক্তি আছে, এই সৎ ব্যক্তিসকল থকাৰ বাবেই অশুভ শক্তি দুৰ্বল হৈ আছে বুলি তেওঁ কয় ৷

ভাৰত মাতা পূজন অনুস্থানত আঙুৰলতা ডেকা

সমাজৰ কাৰণে মহিলাসকলৰো কৰিবলগীয়া বহু আছে সেয়েহে মহিলাসকল দূৰ্বল হ'লে নহ'ব বুলি মন্তব্য কৰে আংগুৰলতা ডেকাই ৷ নিজৰ উদাহৰণ দি বিধায়িকাগৰাকীয়ে কয় যে, "মই কেতিয়াও হেলিকপ্তাৰত উঠিবলৈ পাম বুলি ভবা নাছিলো, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কৃপাত হেলিকপ্তাৰত উঠিবলৈ পালো ৷ হেলিকপ্তাৰত ওপৰৰ পৰা তললৈ চালে মানুহবোৰক একেবাৰে ক্ষুদ্ৰ ক্ষুদ্ৰ দেখি, একেবাৰে পৰুৱাটো সমান । গতিকে আমি কেতিয়াও নিজকে বৰ ডাঙৰ মানুহ বুলি ভাবিব নেপায় ।" সেয়ে সকলোৱে অহংকাৰ ত্যাগ কৰি বৃহত্তৰ হিন্দু ৰাষ্ট্ৰ গঢ় দিয়াৰ বাবে সংকল্প ল'ব লাগে বুলি মন্তব্য কৰে বিধায়িকাগৰাকীয়ে । অসমবাসীক শাৰদীয় দূৰ্গোৎসৱৰ শুভেচ্ছা জনাই শান্তি-সম্প্ৰীতি অটুট ৰখাৰ আহ্বান জনাই বিধায়িকাগৰাকীয়ে ৷

Last Updated : Oct 6, 2019, 3:17 PM IST

ABOUT THE AUTHOR

...view details