বোকাখাত, 29 নৱেম্বৰ:"আজি আমি উজনি অসমত ভৰি দিছোহি ৷ আজি আমাৰ 29 দিন হ’ল ভাৰত জোড়ো যাত্ৰা অসম অনুষ্ঠিত হোৱা ৷ আমাৰ এই যাত্ৰাৰ মূল লক্ষ্যই হৈছে অসমৰ মাটিৰ পৰা সাম্প্ৰদায়িকতাৰ বিষবাষ্পক বিদায় দি আগন্তুক দিনত সম্প্ৰীতি আৰু প্ৰগতিৰ এখন অসম গঢ়াৰ ৷ বৰ্তমান কেবিনেট বৈঠকৰ নামৰ পিকনিকেই চলি আছে ৷ মাজুলীত দেখিছিলো নহয় পিকনিক খোৱা ৷
তাৰ পিছত দলঙত কি হ’ল সকলোৱে দেখিছে ৷ মাজুলীত কি অৱস্থা হৈছে, চিকিৎসা নাই , লোক মৰিছে, প্ৰথম কেবিনেট মাজুলীতে হৈছিলে ৷ চৰকাৰে পিকনিক খাই আছে, মানুহ নাও ডুবি মৰি আছে, সীমান্তত মৰি আছে, গুৱাহাটীত ডকাইত-চোৰে মানুহ মাৰি আছে ৷" বোকাখাতত উপস্থিত হৈয়েই এই মন্তব্য প্ৰকাশ কৰে অসম প্ৰদেশৰ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই (Bhupen Bora slam cabinet meeting)৷
"আজি আমি বোকাখাতবাসী ৰাইজৰ মাজত যি উৎসাহ উল্লাস দেখা পাইছো এইটোৱেই প্ৰমান কৰে যে ভাৰত জোড়ো যাত্ৰা বোকাখাতৰ প্ৰতিগৰাকী নাগৰিকে অন্তৰৰ পৰা আশীৰ্বাদ প্ৰদান কৰিছে ৷ আজি ইয়াত উপস্থিত হোৱা হাজাৰ হাজাৰ লোকৰ জনসমদলৰ বাবে মই বোকাখাতবাসী ৰাইজৰ ওচৰত শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো ৷ বিজেপি চৰকাৰক এইবাৰ জনসাধাৰণে পৰাজিত কৰিব ৷ বিজেপি চৰকাৰে ৰাইজৰ সমস্যাৰ সমাধান কৰি দিব পৰা নাই ৷" এইবাৰ বিজেপিক প্ৰতিহত কৰাৰ কথা দৃঢ়বিশ্বাসেৰে কয় সাংসদ গৌৰৱ গগৈয়ে (MP Gaurav Gogoi slams BJP) ৷