ৰঙিয়া,10 আগষ্ট:১৯৪২ চনৰ ৯ আগষ্টত জাতিৰ পিতা মহাত্মা গান্ধীয়ে আৰম্ভ কৰিছিল ভাৰত ত্যাগ আন্দোলন ৷ উক্ত আন্দোলনৰ আঁত ধৰিয়ে ৰঙিয়াত সোমবাৰে চি আই টি ইউ আৰু নিখিল ভাৰত কৃষক সভাই গ্ৰহণ কৰে এক প্ৰতিবাদী কাৰ্যসূচী ৷ দল দুটাই ৰঙিয়াত পুঠিমাৰী নৈৰ ভগ্ন মথাউৰি নিৰ্মাণ, পৰ্যাপ্ত বান সাহায্য আৰু ক্ষতিপূৰণৰ দাবীত এই প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদকাৰীসকলে চৰকাৰ বিৰোধী বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তোলে পৰিৱেশ ৷ লগতে বানাক্ৰান্ত ৰিলিফ মেনুৱেল অনুসৰি সাহায্য প্ৰদান কৰিবলৈ চৰকাৰক দাবী জনায় ৷ প্ৰতিবাদী দলটোৱে ৰঙিয়াৰ চক্ৰ বিষয়াৰ কাৰ্যালয়লৈ এক সমদল বাহিৰ কৰি চক্ৰ বিষয়াক প্ৰদান কৰে স্মাৰক পত্ৰ ৷ উল্লেখ্য যে, লক ডাউনৰ বাবে দেওবাৰে সৰ্বভাৰতীয় পৰ্যায়ত আন্দোলন হোৱাৰ পিছত ৰঙিয়াত সোমবাৰে এই প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ৰাজপথলৈ আহে বামপন্থীসকল ৷
নগাঁও:নগাঁৱতো নিখিল ভাৰত কৃষক সভা আৰু চিটুৰ উদ্যোগত ভাৰত বচাও আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰা হয় ৷ সোমবাৰে নগাঁও মহাবিদ্যালয় পইণ্টৰ ৰাজপথত সামাজিক দূৰত্ব মানি এই কাৰ্যসূচী গ্ৰহণ কৰা সংগঠনটোৱে প্ৰব্ৰজিত শ্ৰমিকক সংস্থাপন দিয়াৰ উপৰিও দৰিদ্ৰ পৰিয়ালক ছমাহৰ বাবে খাদ্য সামগ্ৰী যোগান ধৰাৰ দাবী উত্থাপন কৰে চৰকাৰক ৷ ইয়াৰোপৰি দলটোৱে পৰিৱেশ আইন ২০২০, নতুন ভূমি নীতিৰ বিৰোধিতা কৰি সাব্যস্ত কৰে প্ৰতিবাদ ৷ কৃষকৰ কল্যাণৰ কথা কোৱা চৰকাৰে কৃষকৰ ওপৰত নতুন বোজা জাপি দিয়াৰ চেষ্টা চলোৱা বুলিও গুৰুতৰপূৰ্ণ অভিযোগ উত্থাপন কৰে প্ৰতিবাদকাৰীয়ে ৷