অসম

assam

By

Published : Sep 25, 2020, 2:50 PM IST

ETV Bharat / state

গোলাঘাটত ভাৰত বন্ধৰ আংশিক প্ৰভাৱ

কেন্দ্ৰ চৰকাৰে গৃহীত কৰা কৃষি বিধেয়কৰ বিৰোধিতাৰে শুকুৰবাৰে ঘোষণা কৰা ভাৰত বন্ধৰ আংশিক প্ৰভাৱ দেখিবলৈ পোৱা গ'ল গোলাঘাটত ৷

ভাৰত বন্ধ
ভাৰত বন্ধ

গোলাঘাট, 25 চেপ্তেম্বৰ: শেহতীয়াকৈ কেন্দ্ৰ চৰকাৰে গৃহীত কৰা কৃষি বিধেয়কৰ বিৰোধিতাৰে শুকুৰবাৰে ঘোষণা কৰা হয় ভাৰত বন্ধৰ ৷ কিন্তু ভাৰত বন্ধৰ আংশিক প্ৰভাৱহে দেখিবলৈ পোৱা গ'ল গোলাঘাটত ৷ কেন্দ্ৰ চৰকাৰে গৃহীত কৰা কৃষি বিধেয়কৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে গোলাঘাট জিলা আমছুৱে ৷

গোলাঘাটত ভাৰত বন্ধৰ আংশিক প্ৰভাৱ

গোলাঘাট জিলা আমছুৰ সভাপতি ইচাদ হুছেইনে উল্লেখ কৰা অনুসৰি,কৃষি বিধেয়ক খন গৃহীত কৰি বিজেপি চৰকাৰে মাধমাৰ শোধাইছে কৃষকৰ ওপৰত ৷ তেওঁৰ অভিযোগ তেওঁলোকে প্ৰদান কৰা প্ৰতিশ্ৰুতিৰ সম্পূৰ্ণ বিপৰীত কাম কৰিছে চৰকাৰখনে ৷ শুকুৰবাৰে হোৱা ভাৰত বন্ধক সংগঠনটোৱে সম্পূৰ্ণ সমৰ্থন জনাইছে বুলিও উল্লেখ কৰে সভাপতি গৰাকীয়ে ৷

লগতে পঢ়ক:ভাৰত বন্ধ : জলন্ধৰত অমৃতসৰ-দিল্লী ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৃষকৰ

ABOUT THE AUTHOR

...view details