অসম

assam

ETV Bharat / state

গোলাঘাটত সদৌ অসম ভিত্তিত ভাওনা প্ৰতিযোগিতা আৰম্ভ - Bhaona competition in Assam

Bhaona competition: উদুলি-মুদুলি গোলাঘাটৰ শালিকীহাটৰ শংকৰ-মাধৱ ক্ষেত্ৰ ৷ বৃহস্পতিবাৰৰে পৰা গোলাঘাটৰ শালিকীহাট শংকৰ-মাধৱ ক্ষেত্ৰত আৰম্ভ হয় সদৌ অসম ভাওনা প্ৰতিযোগিতা । এই উপলক্ষে উলিওৱা হয় এক বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা । ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা ভাওনা দলে অংশগ্ৰহণ কৰিব ভাওনা প্ৰতিযোগিতাত ।

Bhaona competition begin in Golaghat
গোলাঘাটত সদৌ অসম ভিত্তিত ভাওনা প্ৰতিযোগিতা আৰম্ভ

By ETV Bharat Assamese Team

Published : Jan 18, 2024, 6:49 PM IST

গোলাঘাটত সদৌ অসম ভিত্তিত ভাওনা প্ৰতিযোগিতা আৰম্ভ

গোলাঘাট,১৮ জানুৱাৰী:গোলাঘাটৰ শালিকীহাট শংকৰ-মাধৱ ক্ষেত্ৰত অসমী পুথিভঁড়াল আৰু ক্লাৱ, সাৰংগপাণি শিল্পী সমাজ আৰু গোলাঘাটবাসী ৰাইজৰ সহযোগত বৃহস্পতিবাৰৰে পৰা সাতদিনীয়াকৈ অনুস্থিত কৰা হৈছে সদৌ অসম ভিত্তিত ভাওনা প্ৰতিযোগিতা ৷ এই উপলক্ষে শংকৰ-মাধৱ ক্ষেত্ৰ উন্মোচন কৰে উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি বিতুল হাজৰিকাই ।

মূল তোৰণ উন্মোচন কৰে উদযাপন সমিতিৰ মুখ্য উপদেষ্টা দ্ৰোণকান্ত বৰাই । তাৰ পাছতে ক্ৰমে উদযাপন সমিতি, সাৰংগপাণি শিল্পী সমাজ আৰু অসমী পুথিভঁড়াল আৰু ক্লাৱৰ পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি বাবুল হাজৰিকা, অসমী পুথিভঁৰাল আৰু ক্লাৱৰ সভাপতি হেমকান্ত বৰা, আৰু সাৰংগপাণি শিল্পী সমাজৰ সভাপতি ভূপেন সিং তেৰাঙে ।

ইয়াৰ উপৰিও অঞ্চলটোৰ প্ৰায় ৪২ টা ধৰ্মীয় আৰু অনুষ্ঠান-প্ৰতিষ্ঠানৰ পতাকা উত্তোলন কৰে অনুষ্ঠানসমূহৰ বিষয়ববীয়াসকলে । স্মৃতি তৰ্পন কৰে উদযাপন সমিতিৰ সম্পাদক মৌচম বৰাই, নাটঘৰ উন্মোচন কৰে অৱসৰপ্ৰাপ্ত শিক্ষক দুৰ্লভ গগৈয়ে । ইয়াৰ পিছতে বাহিৰ কৰা হয় এক বিশাল বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা ৷ উক্ত সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে গোলাঘাট দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক তথা বিশিষ্ট বোলছবি পৰিচালক দীনেশ গগৈয়ে ।

বিভিন্ন জাতি-জনগোষ্ঠীৰ সমাহাৰেৰে কেইবা শতাধিক লোকে সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰা পৰিলক্ষিত হয় ৷ গোলাঘাটৰ শালিকীহাটৰ শংকৰ-মাধৱ ক্ষেত্ৰত আজিৰে পৰা আৰম্ভ ভাওনা প্ৰতিযোগিতাত ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা ভাওনা দলে অংশগ্ৰহণ কৰিব বুলি উদ্যোক্তাই জানিবলৈ দিছে ৷ বিয়লি ভাগত স্মৃতিগ্ৰন্থ উন্মোচনৰ পাছতে কানু-কলা সাংস্কৃতিক বিকাশ কেন্দ্ৰৰ দ্বাৰা অংকীয়া ভাওনা ৰুক্মিণী হৰণ প্ৰদৰ্শন কৰা হ'ব ।

লগতে পঢ়ক:অসম নাট্য সন্মিলনৰ ৬২ সংখ্যক তেজপুৰ অধিৱেশন, শোভাযাত্ৰাত জিলিকিল জাতি-জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতি

ABOUT THE AUTHOR

...view details