গোলাঘাট, 28 ফেব্ৰুৱাৰী : কিছুদিন পূৰ্বে সংবাদ মাধ্যমৰ শিৰোনামা দখল কৰা বৰ্ষাশ্ৰী বুঢ়াগোহাঁইয়ে মঙলবাৰে গোলাঘাটৰ সত্ৰ ন্যায়াধীশৰ আদালতত হাজিৰ হয় (Barshashree Buragohain in sessions judge court) ৷ সামাজিক মাধ্যমত কবিতা লিখি 65 দিন ধৰি কাৰাবাস খাটিব লগা হৈছিল বৰ্ষাশ্ৰীয়ে (Court notice to Barshashree) ৷ যোৱা 21 ফেব্ৰুৱাৰীত এই গোচৰত পুনৰ আদালতত হাজিৰ হোৱাৰ বাবে বৰ্ষাশ্ৰীলৈ এক চমন জাৰি কৰিছিল আদালতে (Barshashree Buragohain summoned) ৷ এই চমনৰ ভিত্তিতেয়েই আজি গোলাঘাটৰ সত্ৰ ন্যায়াধীশৰ আদালতত ভাতৃৰ সৈতে হাজিৰ হয় বৰ্ষাশ্ৰী ৷
গোলাঘাট সত্ৰ আদালতত উপস্থিত হৈ আইনৰ ওপৰত আস্থা থকা বুলি মন্তব্য প্ৰকাশ কৰে বৰ্ষাশ্ৰী বুঢ়াগোহাঁইয়ে । তেওঁ জনোৱা অনুসৰি আদালতে পৰৱৰ্তী শুনানিৰ দিন ১৬ মাৰ্চত ধাৰ্য কৰিছে । উল্লেখ্য যে 2022 বৰ্ষৰ 18 মে’ত বেআইনী কাৰ্যকলাপ প্ৰতিৰোধ আইন চমুকৈ UAPAৰ অধীনত বৰ্ষাশ্ৰীক গ্ৰেপ্তাৰ কৰা হৈছিল ৷ বৰ্ষাশ্ৰীক গ্ৰেপ্তাৰ কৰাৰ পিচতেই সমগ্ৰ ৰাজ্যতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল (Barshashree Buragohain jailed for sedition)।
অসম চৰকাৰ লগতে আৰক্ষীকো তীব্ৰ সমালোচনা কৰিছিল বিভিন্নজনে। মানৱাধিকাৰ কৰ্মী আৰু অধিবক্তাসকলেও ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল। অংকশাস্ত্ৰত মেজৰ লৈ স্নাতক মহলাত অধ্যয়ন কৰি থকা বৰ্ষাশ্ৰীয়ে কাৰাগাৰৰ পৰাই পৰীক্ষাত বহিব লগা হৈছিল ৷ DCB মহাবিদ্যালয়ে পৰীক্ষাত বহাৰ ৰায় প্ৰদান কৰিছিল মেধাৱী ছাত্ৰীগৰাকীক ৷