অসম

assam

ETV Bharat / state

Kaziranga National Park: নিয়ম উলংঘা কৰিলেই আপুনি ভৰিব লাগিব পাঁচ হাজাৰ টকা ! - ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠ

শুকুৰবাৰে কাজিৰঙাৰ মাজেৰে পাৰ হৈ যোৱা 37 নং ৰাষ্ট্ৰীয় ঘাইপথত উদ্যান কৰ্তৃপক্ষই স্থাপন কৰিছে বেৰিকেড ৷ লগতে সক্ৰিয় কৰিছে এনিমেল চেনচৰ কেমেৰা (Hitech Sensor Cameras to Monitor Speed Limit in Kaziranga) । বানপানীৰ সময়ত 37 নং ৰাষ্ট্ৰীয় ঘাইপথচোৱাৰে চাৰিচকীয়া বাহনেৰে অহা-যোৱা কৰোতে যাতে কোনো কাৰণতে বন্যপ্ৰাণী যান-বাহনৰ খুন্দাত আঘাতপ্ৰাপ্ত বা মৃত্যু মুখত নপৰে, তাৰ বাবে গ্ৰহণ কৰা হৈছে এই ব্যৱস্থা ৷

Hitech Sensor Cameras to Monitor Speed Limit in Kaziranga
কাজিৰঙাৰ 37 নং ৰাষ্ট্ৰীয় পথত স্থাপন এনিমেল চেনচৰ কেমেৰা

By

Published : Jun 10, 2022, 5:14 PM IST

বোকাখাত, 10 জুন :বানৰ পূৰ্বে সতৰ্ক হৈছে ৰাজ্যৰ বন বিভাগ তথা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানকৰ্তৃপক্ষ (Kaziranga National Park) ৷ আজিৰে পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে পাৰ হৈ যোৱা 37 নং ঘাইপথেৰে চাৰিচকীয়া বাহনেৰে অহা-যোৱা কৰোতে সাৱধান হওক আপুনি ৷ কিয়নো নিয়ম উলংঘা কৰিলেই আপুনি ভৰিব লাগিব পাঁচ হাজাৰ টকাৰ জৰিমনা ৷

আসন্ন বানক লৈ উদ্যান কৰ্তৃপক্ষই কাজিৰঙাৰ 37 নং ৰাজপথত বেৰিকেড স্থাপন কৰাৰ লগতে আজিৰে পৰা কাৰ্যকৰী কৰিছে এনিমেল চেনচৰ কেমেৰা (Hitech Sensor Cameras to monitor speed limit in Kaziranga) ৷ এই এনিমেল চেনচৰ কেমেৰাই ৰাষ্ট্ৰীয় ঘাইপথচোৱাৰে অহা-যোৱা কৰা প্ৰত্যকখন গাড়ীৰ গতিবেগ নিৰিক্ষণ কৰিব ৷

কাজিৰঙাৰ 37 নং ৰাষ্ট্ৰীয় পথত স্থাপন এনিমেল চেনচৰ কেমেৰা

আগন্তুক বানৰ প্ৰতি লক্ষ্য ৰাখি বন্য জন্তুৱে আহ-যাহ কৰাত যাতে অসুবিধা সৃষ্টি নহয়, সেই উদ্দেশ্যে কাজিৰঙাৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত উদ্যান কৰ্তৃপক্ষই বেৰিকেড স্থাপনৰ লগতে সক্ৰিয় কৰিছে এনিমেল চেনচৰ কেমেৰা । ইতিমধ্যে কিছু সংখ্যক বন্যপ্ৰাণীয়ে কাৰ্বি পাহাৰ অভিমুখে যাত্ৰা কৰা পৰিলক্ষিত হৈছে ৷

এই যাত্ৰাত যাতে কোনো কাৰণতে বন্যপ্ৰাণী যান-বাহনৰ খুন্দাত আঘাতপ্ৰাপ্ত বা মৃত্যু মুখত নপৰে তাৰ বাবে ৰাষ্ট্ৰীয় উদ্যানৰ অতিকৈ স্পৰ্শকাতৰ পানবাৰী আৰু হালধিবাৰী এনিমেল কৰিডৰত স্থাপন কৰিছে বেৰিকেডৰ লগতে এনিমেল চেনচৰ কেমেৰা (Animal corridor at Panbari under Bokakhat) ৷ ঘণ্টাত 40 কিলোমিটাৰ অধিক বেগেৰে পাৰ হৈ যোৱা যান-বাহন চেনচৰ কেমেৰাত ধৰা পৰিলে প্ৰতিখন বাহনে ভৰিব লাগিব পাচঁ হাজাৰ টকাৰ জৰিমনা ৷

লগতে পঢ়ক :গঁড়ৰ খৰ্গৰ চোৰাং ব্যৱসায়ৰ অভিযোগত আটক গৃহৰক্ষী জোৱান

আনহাতে, ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠ ক্ৰমাগতভাৱে বৃদ্ধি পাইছে ৷ লগতে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে ধাৰাসাৰ বৰষুণৰ আগজাননী জাৰি কৰিছে ৷ সেয়ে বানপানীৰ সময়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্য জন্তুবোৰ নিৰাপদ আশ্ৰয়ৰ বাবে উদ্যান এৰি কাৰ্বি পাহাৰৰ দিশে গতি কৰাৰ সময়ত 37 নং ৰাষ্ট্ৰীয় ঘাইপথচোৱাত যাতে সুকলমে অতিক্ৰম কৰিব পাৰে তাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰিছে উদ্যান কৰ্তৃপক্ষই ৷

আনহাতে, এই লৈ বোকাখাত মহকুমাৰ মহকুমাধিপতি তথা দণ্ডাধীশ ডাঃ নেহা যাদৱে এক আদেশযোগে তৎকালীনভাৱে বলবৎ হোৱাকৈ ভাৰতীয় ফৌজদাৰী কাৰ্যবিধি আইনৰ অধীনত 144 ধাৰাৰ নিষেধাজ্ঞা জাৰি কৰিছে (Section 144 imposed in animal corridor of Kaziranga National Park) । এই আদেশ অনুসৰি কোনো বাহনে প্ৰতি ঘণ্টাত 40 কিলোমিটাৰ গতিবেগত অতিক্ৰম কৰিব পাৰিব ।

37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত আৰু ঢাবাসমূহত কোনো ধৰণৰ গধুৰ যান-বাহন ৰখাব নোৱাৰিব ৷ বন্য জন্তু, চৰাই, সৰীসৃপ আদি 37 নং ৰাষ্ট্ৰীয় ঘাইপথত আশ্ৰয় লোৱাৰ সময়ত কোনো ব্যক্তিয়ে ক্ষতি বা আঘাত কৰিব নোৱাৰিব । ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত আৰু ইয়াৰ চাৰিওফালে কোনো মাৰাত্মক অস্ত্ৰ (Leathal Weapon) কঢ়িয়াই ফুৰিব নোৱাৰিব ।

অৱশ্যে এম্বুলেঞ্চ, বন, অগ্নি নিৰ্বাপক বাহিনী আৰু কৰ্তব্যৰত নিৰাপত্তা বাহিনীক এই আদেশৰ আওতাৰ পৰা ৰেহাই দিয়া হৈছে । এই আদেশ উলংঘা কৰা লোকৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ 144 ধাৰাৰ অধীনত বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি জাননী জাৰি কৰা হৈছে ৷

লগতে পঢ়ক :কাজিৰঙাত বোকাখাত মহকুমা প্ৰশাসনে জাৰি কৰিছে ১৪৪ ধাৰা

ABOUT THE AUTHOR

...view details