অসম

assam

ETV Bharat / state

বৰপথাৰ টেঙানীৰ কেকুৰীত অবৈধ সুৰাৰ ঘাটি উচ্ছেদ - barpather tengani kekuri area

টেঙানী অঞ্চলৰ ১ নং কেকুৰি গাঁৱত শনিবাৰে এক নং কেকুৰী আৰু দুই নং কেকুৰী গাৱৰ পৰা প্ৰায় ২০০০ লিটাৰ অবৈধ চুলাই জব্দ ৷ আটক এজন চুলাই প্ৰস্তুতকাৰী ৷

Barpathar Tengani Sulai operation
বৰপথাৰ টেঙানীৰ কেকুৰীত অবৈধ সুৰাৰ ঘাটি উচ্ছেদ

By

Published : Jun 6, 2021, 10:45 PM IST

সৰুপথাৰ, 6 জুন : টেঙানী অঞ্চলৰ ১ নং কেকুৰি গাঁৱত শনিবাৰে নিশা বৰপথাৰ থানাৰ সভাপতি, বৰপথাৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া, টেঙানীৰ গাঁওবুঢ়া আৰু গাঁওৰক্ষী বাহিনীৰ যৌথ অভিযানত এক নং কেকুৰী আৰু দুই নং কেকুৰী গাঁৱৰ পৰা প্ৰায় ২০০০ লিটাৰ অবৈধ চুলাই জব্দ কৰা হয় ।

লগতে চুলাই প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা সকলো সামগ্ৰী আৰক্ষীয়ে ধ্বংস কৰে । উক্ত চুলাই প্ৰস্তুত কৰা এজন ব্যক্তিক আৰক্ষীয়ে আটক কৰে যদিও আন কেইবাজনো লোকে সেই স্থান এৰি পলায়ন কৰে । বিশেষকৈ মদ প্ৰস্তুত কৰা ব্যক্তি দুজনৰ নাম শান্তি তাচা আৰু লাচিত পেগু বুলি জানিব পৰা গৈছে ।

সকলোৰে সহযোগত টেঙানীৰ বিভিন্ন ঠাইত গঢ় লৈ উঠা সকলো অবৈধ সুৰাৰ ঘাটি উৎখাত কৰিব বুলি জনোৱাৰ লগতে সমগ্ৰ টেঙানী অঞ্চলটোক মদ মুক্ত অঞ্চল হিচাপে গঢ়াৰ এক পৰিকল্পনাৰে অভিযান অব্যাহত থাকিব বুলি অৱগত কৰে আৰক্ষীয়ে ৷

লগতে পঢ়ক :জৰাজীৰ্ণ দলঙে জীয়াতু ভোগাইছে বিলাসীপাৰাবাসীক

ABOUT THE AUTHOR

...view details