অসম

assam

ETV Bharat / state

কেবাটাও জীৱন শেষ হৈ যোৱাৰ পাচতো এখন দলং নিদিলে চৰকাৰে - স্বাধীনতাৰ ৭৫ বছৰ

ৰাইজে গাঁঠিৰ ধন ভাঙি নিৰ্মাণ কৰিলে বাঁহৰ দলং ৷ ৰাজ্যত এতিয়াও আছে এনে বহুত পিছপৰা অঞ্চল য’ত উন্নয়নৰ পোহৰ পৰাই নাই ৷ সবিশেষ পঢ়ক...

people make bamboo bridge for communication in golaghat
ৰাইজে নিৰ্মাণ কৰা বাঁহৰ দলং

By ETV Bharat Assamese Team

Published : Dec 1, 2023, 7:49 PM IST

ৰাইজে নিৰ্মাণ কৰিলে বাঁহৰ দলং

গোলাঘাট, 1 ডিচেম্বৰ : স্বাধীনতাৰ 76 বছৰৰ পাচতো উন্নয়নৰ মুখ নেদেখা এখন গাঁৱৰ কাহিনী ৷ গাঁওখনৰ যাতায়াতৰ প্ৰকৃত প্ৰতিচ্ছবিয়ে দেখুৱাইছে চৰকাৰৰ দিনৰ উন্নয়নৰ মাত্ৰা ! চৰকাৰ আহে আৰু চৰকাৰ যায় । নিৰ্মাণ নহয় দক্ষিণ গোলাঘাট উন্নয়ন খণ্ডৰ অধীনৰ টেঙানী আলিচিগা পাৰঘাটৰ পৰা 39 নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী দলংখন ।

গোলাঘাট জিলাৰ সৰুপথাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত টেঙানী আলিচিগাত বাৰিষা কালত ধনশিৰি নৈৰ কোবাল সোঁতে যাতায়তৰ একমাত্ৰ সম্বল দলংখন উটুৱাই নিয়াৰ পৰিপ্ৰেক্ষিতত টুলুঙা নাৱেৰে অহা-যোৱা কৰে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী তথা স্থানীয় ৰাইজে । আনহাতে খৰালি হোৱাৰ লগে লগে কেইবাখনো গাঁৱৰ ৰাইজ একত্ৰিত হৈ নিজৰ গাঁঠিৰ ধন ভাঙি প্ৰতি বছৰে নিৰ্মাণ কৰে বাঁহৰ দলং ।

বিগত বৰ্ষসমূহৰ দৰে এইবছৰো টেঙানীবাসী ৰাইজে ঔগুৰি আলিচিগা পাৰঘাটৰ পৰা 39 ন্ং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী বাঁহৰ দলংখন গাঁঠিৰ ধন ভাঙি নিৰ্মাণ কৰে । কেইবাখনো বিদ্যালয়ৰ কণ কণ ছাত্ৰ-ছাত্ৰীৰ লগতে স্থানীয় ৰাইজৰ উপস্থিতত শিক্ষক মণ্টু মৰাঙে উদ্বোধন কৰে এই বাঁহৰ দলংখন ।

উল্লেখযোগ্য যে, ধনশিৰি মহকুমা প্ৰশাসন কিম্বা বিধায়ক নতুবা বিভাগীয় মন্ত্ৰীক বহুবাৰ আবেদন নিবেদন জনোৱাৰ পাচতো আজি পৰ্যন্ত কোনেও ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ নকৰিলে । যাৰ পৰিপ্ৰেক্ষিতত এনেদৰেই ধনশিৰি নৈৰ বুকুৱেদি মৰণত শৰণ লৈ দৈনিক শ শ ছাত্ৰ-ছাত্ৰীৰ লগতে পাৰ হয় সহস্ৰাধিকলোক । মন কৰিব লগীয়া যে, এই স্থানতেই দলং নোহোৱাৰ বাবেই অঞ্জলি কাৰদং, মিনতি মিলিকে ধৰি বহুজনে মৃত্যুক আঁকোৱালি লৈছিল বুলি উল্লেখ কৰিছে শিক্ষকজনে । তেওঁলোকে এখন পকী দলং নিৰ্মাণ কৰি দিবলৈ পুনৰ চৰকাৰক অনুৰোধ জনাইছে ।

লগতে পঢ়ক :Dilapidated Bamboo bridge: পথ এৰি পথাৰেৰে যাত্ৰা

ABOUT THE AUTHOR

...view details