অসম

assam

ETV Bharat / state

Ajmal controversial statement: আজমলৰ ৰাজনীতিৰ বিতৰ্কৰ জোলোঙাত আকৌ অসমীয়া ভাষা কিয় ? - অসম সাহিত্য সভা

নিৰ্বাচন চমু চাপি আহিলেই বিতৰ্কিত মন্তব্যৰে সংবাদ শিৰোনাম দখল কৰা AIUDFৰ সাংসদ বদৰুদ্দিন আজমলে পুনৰ অসমীয়া ভাষাক লৈ কৰিছে এক বিতৰ্কিত মন্তব্য ৷ আজমলৰ মন্তব্যত সাৰ-পানী যোগাইছে কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলীয়ে ৷ অসম সাহিত্য সভাকো আক্ৰমণৰ ধৃষ্টতা শ্বেৰমান আলীৰ (Ajmal controversial statement) ৷

Ajmal controversial statement
আজমলৰ ৰাজনীতিৰ বিতৰ্কৰ জোলোঙাত আকৌ অসমীয়া ভাষা কিয় ?

By

Published : Jan 30, 2023, 7:50 PM IST

গুৱাহাটী, ৩০ জানুৱাৰী:কেৱল চৰ-চাপৰিৰ মুছলমান বা মিঞাইহে জীয়াই ৰাখিছে নেকি অসমীয়া ভাষা ? কিয়নো সময়ে সময়ে অসমত বিতৰ্কলৈ অহা এটা বিষয় হ’ল, ‘‘চৰ-চাপৰি অঞ্চলৰ মিঞা-মুছলমান বা অভিবাসী মুছলমানসকলেহে জীয়াই ৰাখিছে অসমীয়া ভাষা ৷’’ লোকপিয়লৰ পৰিসংখ্যা লৈ সংখ্যাৰ খেলেৰে সময়ে সময়ে উপস্থাপিত হৈ আহিছে যে, সংকটৰ সন্মুখত অসমীয়া ভাষা । লোকপিয়লত মিঞা-মুছলমানে মাতৃভাষা অসমীয়া বুলি নিলিখিলে অসমতে সংখ্যালঘু হ’ব অসমীয়া ভাষা ।

সম্প্ৰতি এফালে লখিমপুৰ জিলাৰ নাৰায়ণপুৰত অসমীয়া-ভাষা সাহিত্যৰ বৰসবাহ স্বৰূপ অসম সাহিত্য সভাৰ অধিৱেশনৰ ব্যাপক আয়োজন চলিছে ৷ সাহিত্য সভাৰ অধিৱেশনক লৈ ব্যস্ত অসম সাহিত্য সভা ৷ আনফালে, একে সময়তে আগন্তুক লোকসভা নিৰ্বাচনক লৈ ব্যস্ত হৈ থকা এ আই ইউ ডি এফৰ(AIUDF) সভাপতি সাংসদ বদৰুদ্দিন আজমলৰ (AIUDF chief Badruddin Ajmal) অসমীয়া ভাষাক লৈ এক বিতৰ্কিত মন্তব্য ৷ নিৰ্বাচন আহিলেই চৰ্চাৰ শিৰোনামলৈ আহে এই বিষয় ৷ এইবাৰো হোৱা নাই ব্যতিক্ৰম ৷

কেৱল আজমলেই নহয়, বিতৰ্কিত বিধায়ককো এইবাৰ লগত লৈ লৈছে বদৰুদ্দিন আজমলে ৷ লোকসভা নিৰ্বাচনক লৈ নিজৰ সমষ্টি ধুবুৰীৰ লগতে আন সংখ্যালঘু অঞ্চলত ৰাজনৈতিক সমীকৰণক লৈ ব্যস্ত আজমলে দেওবাৰে এখন ৰাজহুৱা সভাত ঘোষণা কৰিছে যে, মিঞা-মুছলমানেহে হেনো জীয়াই ৰাখিছে অসমীয়া ভাষা ৷

এই লৈ আজমলৰ আকৌ যুক্তিও অদ্ভুত (Ajmal statement on Assamese language) ৷ ‘‘মই প্ৰত্যাহ্বান দি ক’ব পাৰো যে, আজি অসমত অসমীয়া ভাষা যদি কোনোবাই জীয়াই ৰাখিছে তেন্তে সেয়া মুছলমান মানুহে ৰাখিছে ৷ চৰত এখনো বেংগলী মাধ্যমৰ বিদ্যালয় দেখুৱাই দিব নোৱাৰিব ৷ চৰত থকা বিদ্যালয় 100 শতাংশই অসমীয়া মাধ্যমৰ ৷ তেন্তে অসমীয়া ভাষা ৰক্ষা কৰি আছে কোনে ? আমি ৰক্ষা কৰি আছোঁ ৷ কিন্তু এক ছেকেণ্ডত চৰৰ মানুহক বাংলাদেশী বুলি কৈ দিয়ে ৷ বাংলাদেশত কি অসমীয়া ভাষা শিকে নেকি ? চৰত সকলোৱে অসমীয়াত কথা পাতে ৷ অসমীয়া ভাষাত পঢ়ে ৷’’

এখন ৰাজহুৱা ভাষাত এই মন্তব্য এ আই ইউ ডি এফৰ সাংসদ বদৰুদ্দিন আজমলৰ৷ আজমলৰ এই মন্তব্যই এতিয়া অসমজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । প্ৰতিটো নিৰ্বাচনৰ আগে আগে আজমলৰ লক্ষ্যই হৈ পৰে বিতৰ্ক সৃষ্টি কৰা (Ajmal controversial statement) ৷ এইবাৰো ব্যতিক্ৰম হোৱা নাই ৷ কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰিব বিচাৰি বিফল হোৱাৰ পাচত যোৱা কিছুদিন ধৰি বিতৰ্কিত মন্তব্যৰে সংবাদ শিৰোনাম দখল কৰি আহিবলৈ সক্ষম হৈছে বদৰুদ্দিন আজমল (Congress AIUDF alliance) ৷

আজমলৰ সমান্তৰালভাৱে আজমলে উত্থাপন কৰা বিতৰ্কটোৰ প্ৰসংগত বিভিন্ন মন্তব্যৰে সাৰ-পানী যোগান ধৰে এ আই ইউ ডি এফৰ আন নেতা-বিধায়কসকলে ৷ অসমীয়া ভাষাক লৈ আজমলৰ মন্তব্যৰো ওপৰলৈ গৈ মন্তব্য কৰিছে কংগ্ৰেছৰ নিলম্বিত বিধায়য়ক তথা আজমলৰ ওচৰত পুনৰ শৰণ লোৱা শ্বেৰমান আলীয়ে (Sherman Ali) ৷ অসম সাহিত্য সভাক কঠোৰ সমালোচনা কৰি শ্বেৰমান আলীয়ে কয় যে, অসম সাহিত্য সভাই একোৱেই কৰা নাই মিঞা জনগোষ্ঠীৰ বাবে ৷

শ্বেৰমানৰ দাবী, ‘‘অসম সাহিত্য সভাই স্থিতি স্পষ্ট কৰিব লাগে মিঞা জনগোষ্ঠীক লৈ ৷ মিঞা জনগোষ্ঠীক অসম সাহিত্য সভাই (Asom Sahitya Sabha) অসমীয়া বুলি ক’ব লাগে ৷ সাহিত্য সভাই মুখত কয় এটা, কৰে এটা ৷ অসম সাহিত্য সভা এতিয়া হিন্দুত্ববাদীৰ কৱলত ৷’’

স্বাভাৱিকতে আজমলৰ মন্তব্যৰ পাচত ৰাজ্যত পুনৰ বিতৰ্কৰ জোৱাৰ উঠিছে ৷ চৰ-চাপৰি সাহিত্য পৰিষদৰ অধিৱেশনত আজমলৰ এই মন্তব্যই লোকসভা নিৰ্বাচনৰ পূৰ্বে বিশেষ তাৎপৰ্য বহন কৰিছে । সমুখৰ লোকসভা নিৰ্বাচনৰ বাবে ৰাজনৈতিক মুনাফা লাভৰ বাবে আজমল আৰু সংগীবৃন্দই যে বৰ্তমানৰ লগতে ভৱিষ্যতৰ বাবেও অসমীয়া ভাষাকো নিজৰ বিতৰ্কৰ জোলোঙাত সোমোৱাই ল’লে সেয়া নিশ্চিত ।

কাৰণ পূৰ্বৰ তুলনাত সম্প্ৰতি নিজৰ ভোট বেংক দুৰ্বল হৈছে এ আই ইউ ডি এফৰ ৷ সেয়ে, এনে বিতৰ্কিত মন্তব্য কৰিলে উভতি ধৰিব ৰাজ্যৰ হিন্দুত্ববাদী সকলৰ লগতে আন একাংশলোকে ৷ যাৰ দ্বাৰা মিঞা জনগোষ্ঠী অধ্যুষিত এলেকাত নিজৰ ক্ৰমাৎ হ্ৰাস হোৱা শক্তি আহৰণ হ’ব আজমলৰ ৷

লগতে পঢ়ক:Congress AIUDF Alliance: তাহানিৰ ‘হু ইজ’ ফৰ্মূলা ব্যৱহাৰ কৰিছে বদৰুদ্দিন আজমলে

ABOUT THE AUTHOR

...view details