বোকাখাত, 29 মাৰ্চ: বোকাখাতত সামৰণি পৰিল বোকাখাত মহকুমা আৰক্ষীৰ উদ্যোগত আয়োজিত সদৌ অসম ভিত্তিত বেটমিণ্টন প্ৰতিযোগিতাৰ (Badminton competition organised by Assam Police) ৷ শনিবাৰৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছিল এই প্ৰতিযোগিতা ৷ অসমৰ ভিন্ন প্ৰান্তৰ পৰা অহা প্ৰায় ৩০ টা দলে অংশগ্ৰহণ কৰে এই প্ৰতিযোগিতাত ৷
স্বাস্থ্যৰক্ষাৰ সমান্তৰালকৈ অপৰাধ ৰোধ আৰু আৰক্ষী জনতাৰ মাজত জনসম্পৰ্ক সুদৃঢ় কৰাৰ উদ্দেশ্যে আয়োজন কৰা হৈছিল বেটমিণ্টন প্ৰতিযোগিতাখনি ।
বোকাখাতত অসম আৰক্ষীৰ প্ৰথম আমন্ত্ৰণমূলক বেডমিণ্টন প্ৰতিযোগিতাৰ সফল সামৰণি তিনিদিনীয়াকৈ আয়োজিত প্ৰতিযোগিতাখনৰ সামৰণি অনুষ্ঠানৰ প্ৰদৰ্শনীমূলক খেলত অংশ লয় অসম আৰক্ষীৰ উপ-মহাপৰিদৰ্শক সত্যৰাজ হাজৰিকা আৰু গোলাঘাট জিলা আৰক্ষী অধীক্ষক সুমিত কুমাৰ ৷ তাৰোপৰি বোকাখাত মহকুমা আৰক্ষী বিষয়া অনিতা হাজৰিকা আৰু বোকাখাত থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিতোপন চুতীয়াইও অংশগ্ৰহণ কৰে সামৰণি অনুষ্ঠানত ৷
উল্লেখ্য যে, প্ৰতিযোগিতাখনিৰ নন ৰেংকিং শাখাত মৰাণ দল শ্ৰেষ্ঠ হোৱাৰ বিপৰীতে নাজিৰাৰ দলটোয়ে দ্বিতীয় শ্ৰেষ্ঠৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয় ।
লগতে পঢ়ক :ATPA Shield Football Tournament: ৩০ মাৰ্চৰ পৰা আৰম্ভ হ’ব ঐতিহ্যমণ্ডিত এটিপিএ ফুটবল