ধনশিৰিত বিধ্বস্ত গড়কাপ্টানী বিভাগৰ পথ
পথছোৱা মেৰামতি কৰাৰ ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ লগতে, স্থানীয় বিধায়িকা ৰ'জলিনা তিৰ্কীয়েও পথছোৱা মেৰামতি কৰাৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷
সৰুপথাৰ, 12জুলাইঃ অসম চৰকাৰৰ গড়কাপ্তানী বিভাগৰ সৰুপথাৰ গ্ৰাম্য পথ সংমণ্ডল কাৰ্যালয়ৰ অধীনস্থ উৰিয়ামঘাটৰ পৰা ইকৰাণী, প্ৰেমহৰা হৈ বৰপথাৰ সংযোগী প্ৰায় বিশ কিলোমিটাৰ দৈৰ্ঘ্যৰ গড়কাপ্তানী পথটো মেৰামতিৰ অভাৱত বিগত কেইবাবছৰ ধৰি জৰাজীৰ্ণ হৈ পৰিছে ৷ পথৰ মাজত প্ৰকাণ্ড প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈ যাতায়তৰ অনুপযোগী হৈ পৰিছে ৷ পথছোৱা মেৰামতি কৰাৰ ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ লগতে স্থানীয় বিধায়িকা ৰ'জলিনা তিৰ্কীয়েও পথছোৱা মেৰামতি কৰাৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ ৷ ইপিনে পথছোৱাৰ অৱস্থা দেখি চেণ্ড গ্ৰেভেল পেলাই মেৰামতি কৰে ধনশিৰি মহকুমাৰ দৈয়াং ডাম্পাৰ মালিক সংস্থাই ৷ ডাম্পাৰৰ মালিক সকলে নিজা খৰছত পথটোত আজি প্ৰায় ১৭৫ ডাম্পাৰ চেণ্ড গ্ৰেভেল পেলাই জে চি বি ৰে মিলাই পথছোৱা মেৰামতি কৰে ৷