অসম

assam

ETV Bharat / state

পথৰ মাজৰ গাঁতে জীয়াতু ভোগাইছে ৰাইজক !

খুমটাই সমষ্টিৰ অন্তৰ্গত গোহাঁই আলিৰ পৰা চাৰিঙ্গীয়া গাঁৱৰ মাজেৰে অকা মলুৱা সংযোগী সম্পূৰ্ণ পথচোৱাৰ বিধ্বস্ত অৱস্থাৰ বাবে অসুস্থ ৰোগীকো চিকিৎসালয়লৈ নিবলৈ নাহে ১০৮ এম্বুলেঞ্চ ৷ বিধায়ক মৃণাল শইকীয়াক পথচোৱা নিৰ্মাণ কৰিবলৈ কাতৰ অনুৰোধ ৰাইজৰ ৷

By

Published : Sep 6, 2019, 4:24 PM IST

থৰ মাজৰ প্ৰকাণ্ড গাঁতে জীয়াতু ভোগাইছে ৰাইজক

পথৰ মাজৰ প্ৰকাণ্ড গাঁতে জীয়াতু ভোগাইছে ৰাইজক


খুমটাই, 6 চেপ্তেম্বৰঃ খুমটাই সমষ্টিৰ অন্তৰ্গত গোহাঁই আলিৰ পৰা চাৰিঙ্গীয়া গাঁৱৰ মাজেৰে অকা মলুৱা সংযোগী সম্পূৰ্ণ পথটোৰ পুতৈ লগা অৱস্থা ৷ গোহাঁই আলিৰ পৰা অকামলুৱা সংযোগী প্ৰায় ৩ কি:মিটাৰ দৈঘ্যৰ এই মূল পথচোৱাত থকা প্ৰকাণ্ড গাঁতৰ বাবে সৃষ্টি হৈছে ভয়ংকৰ সমস্যা ৷ ৩০খন বিচনা যুক্ত চাৰিঙ্গীয়া স্বাস্থ্যকেন্দ্ৰ , চাৰিঙ্গীয়া পশু চিকিৎসালয়,কেইবাখনো বিদ্যালয়, আৰু মহাবিদ্যালয় লৈ যোৱা এই একমাত্ৰ পথটো এজাক বৰষুণ দিলেই সম্পূৰ্ণ বোকাময় হৈ পৰাৰ ফলত বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে সকলোৱে জীয়াতু ভূগিব লগা হয় ৷

উল্লেখ্য যে, এই বিধ্বস্ত পথৰ বাবেই সময় মতে ১০৮ এম্বুলেঞ্চ উপস্থিত হ'ব নোৱাৰাত উন্নত চিকিৎসাৰ অভাৱত কেইবাজনো লোক ইতিমধ্যে মৃত্যু মুখত পৰিছে ৷ বহু বাৰ বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত স্থানীয় ৰাইজে আবেদন কৰিছে যদিও কোনো গুৰুত্ব প্ৰদান কৰা নাই বিভাগে ৷ এতিয়া শেষ ভৰসা হিচাপে স্থানীয় বিধায়ক মৃণাল শইকীয়াক এই পথচোৱা ভালদৰে নিৰ্মাণ কৰি দিবলৈ অনুৰোধ জনাইছে ৰাইজে ৷

ABOUT THE AUTHOR

...view details