অসম

assam

ETV Bharat / state

গোলাঘাটত নিৰ্বাচনী দায়িত্বত থকা পুলিং বিষয়া, এজেন্টৰ নাজল নাথল অৱস্থা - লোকসভা নিৰ্বাচন

গোলাঘাট চহৰৰ মাজমজিয়াত থকা হিন্দী হাইস্কুল ভোট গ্ৰহণ কেন্দ্ৰত ভোটাৰে ভোটদান কৰাৰ লগতে নিৰ্বাচনী বিষয়া-কৰ্মচাৰী থাকিব পৰাকৈ নাই কোনোধৰণৰ সু-ব্যৱস্থা

নিৰ্বাচনী বিষয়াৰ নাজল-নাথল অৱস্থা

By

Published : Apr 10, 2019, 7:37 PM IST

গোলাঘাট, 10 এপ্ৰিলঃ গাঁও বা চৰ অঞ্চলত নহয়, গোলাঘাট চহৰৰ মাজমজিয়াত অৱস্থিত এটা ভোটগ্ৰহণ কেন্দ্ৰত পলিং বিষয়া, এজেন্টৰ নাজল নাথল অৱস্থা ৷ গোলাঘাট নগৰৰ মাজমজিয়াত অৱস্থিত হিন্দী হাইস্কুল ভোট গ্ৰহণ কেন্দ্ৰত ভোটাৰে ভোটদান কৰিব পৰাকৈ নাই কোনো ধৰণৰ সু-ব্যৱস্থাৰ লগতে নাই পলিং, প্ৰিজাইডিং বিষয়া থাকিবলৈ কোনোধৰণৰ সু-ব্যৱস্থা। যাৰ বাবে বিপদত পৰিছে কেন্দ্ৰটোত নিৰ্বাচনী দায়িত্বত থকা বিষয়া-কৰ্মচাৰীসকল ৷ উপায়ন্তৰ হৈ কেন্দ্ৰটো চাফা কৰিবলৈ নিৰ্বাচনী বিষয়া কৰ্মচাৰীয়ে নিজেই হাতত তুলি ল'ব লগা হৈছে ঝাডু ৷

নিৰ্বাচনী বিষয়াৰ নাজল-নাথল অৱস্থা

বৃহস্পতিবাৰে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণত প্ৰায় চাৰি হাজাৰ ভোটাৰে ভোটদান কৰিবলগীয়া কেন্দ্ৰটোত উপস্থিত হৈ বিবুধিত পৰিছে নিৰ্বাচনী বিষয়াৰ দল ৷ ভোটাৰৰ সংখ্যা অনুপাতে কোঠাটোত কোঠাৰ সংখ্যা কম হোৱাৰ লগতে কেন্দ্ৰটোৰ সন্মুখ ভাগ ভৰি পৰিছে পানীৰে ৷ ইপিনে পলিং, প্ৰিজাইডিং আৰু নিৰাপত্তাৰক্ষী থাকিবলৈ কেন্দ্ৰটোত নাই কোনোধৰণৰ সু-ব্যৱস্থা ৷ যাৰ বাবে এতিয়া চিন্তিত হৈ পৰিছে বিষয়াসকল ৷

ABOUT THE AUTHOR

...view details