অসম

assam

ETV Bharat / state

কঁহৰা ৰেঞ্জত মাতৃৰ পৰা বিচ্ছিন্ন গঁড়ৰ পোৱালি উদ্ধাৰ

কাজিৰঙাৰ কঁহৰা ৰেঞ্জৰ মিহিমুখৰ দাঁতি কাষৰীয়া অঞ্চলত মঙলবাৰে পুৱা উদ্ধাৰ হয় এটা গঁড়ৰ পোৱালি ৷ বন বিভাগ আৰু পানবাৰীৰত থকা বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনঃসংস্থাপন কেন্দ্ৰই উদ্ধাৰ কৰে গঁড় পোৱালিটোক । চিকিৎসকে জানিবলৈ দিয়া অনুসৰি গঁড় পোৱালিটোৰ চকুত আঘাতৰ চিন আছে ৷

baby rhino rescued at Kahra range in Kaziranga
কাজিৰঙাৰ কঁহৰা ৰেঞ্জত ১৫ দিনীয়া গঁড়ৰ মতা পোৱালি উদ্ধাৰ

By

Published : Aug 31, 2021, 7:36 PM IST

বোকাখাত, 31 আগষ্ট : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কঁহৰা ৰেঞ্জৰ মিহিমুখৰ দাঁতি কাষৰীয়া অঞ্চলত মঙলবাৰে পুৱা উদ্ধাৰ হয় এটা গঁড়ৰ মতা পোৱালি ৷ বানৰ কৱলত পৰি খাদ্যৰ সন্ধানত ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত থকা হাইলেণ্ডত আশ্ৰয় লৈছিল মাকৰ সৈতে গঁড় পোৱালিটোৱে ।

কাজিৰঙাৰ কঁহৰা ৰেঞ্জত ১৫ দিনীয়া গঁড়ৰ মতা পোৱালি উদ্ধাৰ

খাদ্যৰ সন্ধানত মাকৰে সৈতে ওলাই অহা গঁড় পোৱালিটো কিছু সময়ৰ পাচতে হঠাৎ দিশহাৰা হৈ পৰে । মাকৰ পৰা বিচ্ছিন্ন হৈ মিহিমুখৰ দাঁতি কাষৰীয়া অঞ্চলত অৱস্থান গ্ৰহণ কৰে পোৱালিটোৱে ৷ ইয়াৰ পাচতে পোৱালিটোক প্ৰত্যক্ষ কৰিছিল বন বিভাগৰ লোকে ৷

লগতে পঢ়ক:3 ছেপ্তেম্বৰৰ পৰা পুনৰ মুকলি হ'ব ভাৰত-বাংলাদেশ বিমান সেৱা

পৰৱৰ্তী সময়ত বন বিভাগ আৰু পানবাৰীৰত থকা বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনঃসংস্থাপন কেন্দ্ৰই উদ্ধাৰ কৰে গঁড় পোৱালিটোক । উদ্ধাৰ কৰা গঁড় পোৱালিটোৰ জন্ম হোৱা মাত্ৰ ১৫ দিন হোৱা বুলি জানিবলৈ দিছে পানবাৰীৰ বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনঃ সংস্থাপন কেন্দ্ৰৰ পশু চিকিৎসকে ৷

তদুপৰি পশু চিকিৎসকে জানিবলৈ দিয়া অনুসৰি গঁড় পোৱালিটোৰ চকুত আঘাতৰ চিন আছে ৷ গঁড়ৰ পোৱালিটো শাৰীৰিকভাৱেও দুৰ্বল ৷ বৰ্তমান গঁড়ৰ পোৱালিটোক পানবাৰীৰ বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনঃ সংস্থাপন কেন্দ্ৰত চিকিৎসা প্ৰদান কৰি থকা হৈছে বুলি জানিবলৈ দিছে পানবাৰীৰ বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনঃ সংস্থাপন কেন্দ্ৰৰ পশু চিকিৎসকে ৷

লগতে পঢ়ক:বাঢ়নী পানীয়ে প্ৰাণ কাঢ়িলে তিনিটাকৈ বন ঘৰচীয়া ঘোঁৰাৰ

ABOUT THE AUTHOR

...view details