অসম

assam

অচিন ৰোগত আক্ৰান্ত বোকাখাতৰ এটি দেৱশিশু: হৃদয়বানৰ সহায়লৈ বাট চাইছে পৰিয়ালে

By

Published : Jul 2, 2022, 7:12 PM IST

পৃথিৱীৰ পোহৰখিনিয়েই ভালকৈ দেখিবলৈ নাপাওতেই অচিন ৰোগত আক্ৰান্ত হ’ল বোকাখাতৰ এটি শিশু ৷ থুপুক-থাপাককৈ খোজ দিবলৈ লওতেই শিশুটিৰ দেহত জটিল ৰোগটোৱে বাৰুকৈয়ে আক্ৰমণ কৰিবলৈ ল’লে ৷ দুবেলা-দুমুঠি পেটে-ভাতে খাই থকা দৰিদ্ৰ পৰিয়ালটোৱে আশাৰে বাট চাইছে কোনে হৃদয়বানৰ সহায়লৈ ...৷

Gauhati Medical College and Hospital
অচিন ৰোগত আক্ৰান্ত বোকাখাতৰ এটি দেৱশিশু

বোকাখাত, 2 জুলাই: গোলাঘাট জিলাৰ বোকাখাত বিধান সভা সমষ্টিৰ অন্তৰ্গত দুসুঁতিমুখ গাওঁ পঞ্চায়তৰ ১ নং ভকত চাপৰি গাঁৱৰ হৰেন দলে আৰু মাতৃ ৰানী দলেৰ একমাত্ৰ পুত্ৰ সন্তান(১১ মাহ) ন মাহ ধৰি এক অচিন ৰোগত আক্ৰান্ত হৈ আছে (Bokakhat baby unknown disease)। কণমানিটি জন্মৰ দুমাহৰ পাছতে সৰ্বশৰীৰত সৰু সৰু গুটি উঠাৰ পাছত সোঁ ফালৰ ডিঙি আৰু গালৰ মাজৰ অংশটো লাহে লাহে ফুলি উঠে ৷

অচিন ৰোগত আক্ৰান্ত বোকাখাতৰ এটি দেৱশিশু

পৰৱৰ্তী সময়ত যোৰহাট মেডিকেল কলেজ হাস্পতালত(Jorhat Medical College Hospital) আৰু পাছত গুৱাহাটী মেডিকেল কলেজত(Gauhati Medical College and Hospital) চিকিৎসা কৰায় শিশুটিক ৷ চিকিৎসাৰ বাবে গুৱাহাটীলৈ নিয়াৰ পাছত সৰ্বস্বান্ত হোৱা পৰিয়ালটোৱে পৰৱৰ্তী সময়ত টকাৰ অভাৱৰ বাবে পুনৰ চিকিৎসাৰ বাবে গুৱাহাটীলৈ নিব নোৱৰা হয় ।

শিশুটিৰ চিকিৎসাৰ ক্ষেত্ৰত দৰিদ্ৰ পৰিয়লটো থমকি ৰ’বলগীয়া হৈছে । কৃষিৰ ওপৰত নিৰ্ভৰ কৰি চলা পৰিয়ালটিয়ে কণমানি পুত্ৰ মুহিতক কিদৰে চিকিৎসা কৰাব সেই লৈ চিন্তিত হৈ পৰিছে ৷ সেয়ে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ লগতে সদাশয় ব্যক্তি, দল, সংগঠন তথা চৰকাৰক সহায়ৰ হাত আগবঢ়াবলৈ অনুৰোধ জনাইছে ৷

কোনো ব্যক্তি, দল, সংগঠনে সহায় কৰিব বিচাৰিলে হৰেন দলেৰ নামত SBI কৃষক বেংকিঙৰ ৰঙাগড়া শাখাত থকা একাউণ্ট নম্বৰ ৪০৬৬১২৬৩৪৭১, IFSC-SBIN0002048ত সহায় কৰিব পাৰিব অথবা ৬০০২৮৮৫৬০৩ নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে ৷

লগতে পঢ়ক:Actor Kishor Das passes away: জনপ্ৰিয় অভিনেতা কিশোৰ দাস আৰু নাই

ABOUT THE AUTHOR

...view details