অসম

assam

ETV Bharat / state

মেৰাপানীত ঠেলাত সন্তান প্ৰসৱ - 108

এম্বুলেন্সৰ আশা বাদ দি উপায়ন্তৰ হৈ ঠেলাৰেই মেৰাপানী সমূহীয়া চিকিৎসালয়লৈ অনা হ'ল উদয়পুৰ গাঁৱৰ পুস্প দাস নামৰ গৰ্ভৱতী মহিলা গৰাকীক । কিন্তু চিকিৎসালয় আহি পোৱাৰ আগতেই ৰাজপথতে ঠেলাৰ ওপৰত জন্ম হ'ল এটি দেৱ শিশুৰ

মেৰাপানীত ঠেলাত সন্তান প্ৰসৱ

By

Published : Aug 21, 2019, 2:11 PM IST

গোলাঘাট, 21 আগষ্টঃ ৰাজ্যৰ স্বাস্থ্য বিভাগৰ অতিকে নিকৃষ্ট আৰু ফোপোলা স্বৰূপ উন্মোচিত হৈছে গোলাঘটাৰ মেৰাপানীত । স্বাস্থ্য খণ্ডৰ অভিলাষী আঁচনি 108 সেৱাৰ পৰা বঞ্চিত গৰ্ভৱতী মহিলা ৷ দুৰ্ভগীয়া গৰ্ভৱতী মহিলাক ঠেলাৰে আনি চিকিৎসালয়ত ভৰ্তি ৷ উল্লেখ্য যে, মেৰাপানীত ক্ৰমাৎ মৃত্যুৰ মুখে গতি কৰিছে 108 মৃত্যুঞ্জয় সেৱা ৷ জৰুৰীকালীন অৱস্থাত 108 সেৱাত ফোন লগাই ঘন্টাৰ ঘন্টাৰ পাচত অপেক্ষাৰত ৰোগী । তথাপিও নাহে এম্বুলেন্স । অৱশেষত এম্বুলেন্সৰ আশা বাদ দি উপায়ন্তৰ হৈ ঠেলাৰেই মেৰাপানী সমূহীয়া চিকিৎসালয়লৈ অনা হ'ল উদয়পুৰ গাঁৱৰ পুস্প দাস নামৰ গৰ্ভৱতী মহিলা গৰাকীক । কিন্তু চিকিৎসালয় আহি পোৱাৰ আগতেই ৰাজপথতে ঠেলাৰ ওপৰত জন্ম হ'ল এটি দেৱ শিশুৰ । তেনে অৱস্থাতেই শিশুটিৰ পিতৃ মিনেশ্বৰ দাসে মাতৃসহ নৱজাতকক ভৰ্তি কৰিলেহি চিকিৎসালয়ত । সম্প্ৰতি এই ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে মেৰাপানীত । প্ৰায় 1/2 কিলোমিটাৰ দূৰত্বত থকা মেৰাপানী চিকিৎসালয়ত 108, 102 এম্বুলেন্স মজুত আছিল যদিও কাৰ গাফিলটিত এনে দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হ'ল স্থানীয় ৰাইজে তাৰ উত্তৰ বিচাৰিছে স্বাস্থ্য বিভাগৰ ওচৰত ৷

মেৰাপানীত ঠেলাত সন্তান প্ৰসৱ

ABOUT THE AUTHOR

...view details