অসম

assam

ETV Bharat / state

খুমটাই চাহ বাগিছাত সজাগতা সভা - চিকিৎসকক হত্যা

বিগত 31 আগষ্টত টীয়কৰ চাহ বাগিছাত নৃশংস হত্যাৰ বলি হৈছিল ৰাজ্যৰ এগৰাকী জ্যেষ্ঠ চিকিৎসক ডাঃ দেৱেন দত্ত ৷ ডাঃ দত্তৰ হত্যাকাণ্ডৰ পিচতে ৰাজ্যৰ বিভিন্ন স্থানত বহুকেইগৰাকী চিকিৎসকে পদত্যাগ কৰিছিল ৷ জীৱন আৰু জীৱিকাৰ নিৰাপত্তা প্ৰদানৰ দাবীৰে চিকিৎসকসকলে নিজৰ পবিত্ৰ কৰ্মৰ পৰা পদত্যাগ কৰিছিল ৷ শেহতীয়াকৈ চিকিৎসকসকলৰ পদত্যাগক লৈ বৃহস্পতিবাৰে খুমটাই চাহ বাগিছাত এখন সজাগতা সভা অনুষ্ঠিত হয় ৷

খুমটাই চাহ বাগিছাত সজাগতা সভা

By

Published : Sep 5, 2019, 8:27 PM IST

খুমটাই, 5 ছেপ্তেম্বৰঃ গোলাঘাটৰ চাহ বাগিচা সমূহত কেৱল চিকিৎসকে নহয়, প্ৰাণৰ শংকাত ভূগিছে‍ বাগিচা পৰিচালককে ধৰি অন্যান্য বিষয়াসকলো ৷ টীয়কত চিকিৎসকক হত্যা কৰাৰ পিছতে ৰাজ্যৰ বহু বাগিচাৰ চিকিৎসক, মেনেজমেন্টেৰ বিষয়াসকলে প্ৰাণৰ শংকাত ভূগি ইতিমধ্যে পদত্যাগ কৰিছে ৷ ইয়াকে লৈ বৃহস্পতিবাৰে খুমটাই চাহ বাগিচাত শ্ৰমিকসকলৰ সহযোগত আয়োজন কৰা হয় এক সজাগতা সভা ৷

খুমটাই চাহ বাগিছাত সজাগতা সভা

সভাত চাহ বাগিছাত কৰ্মৰত সকলো চিকিৎসক, মেনেজাৰ তথা অন্যান্য কৰ্মীসকলক সুৰক্ষাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে শ্ৰমিকসকলৰ লগতে আটছাই ৷ বাগিছাখনত কৰ্মৰত জ্যেষ্ঠ চিকিৎসক ডাঃ ৰঞ্জিত কুমাৰ শইকীয়াই পদত্যাগ কৰিবলৈ বিছাৰিছিল যদিও সজাগতা সভাতে চিকিৎসকগৰাকীয়ে পদত্যাগ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ বাগিছাখনত অনুষ্ঠিত সজাগতা সভাত জ্যেষ্ঠ পৰিচালকে চৰকাৰক নিজৰ দায়িত্ব সুচাৰুৰূপে পালন কৰি বাগিছাসমূহত অধিক সুৰক্ষা প্ৰদান কৰিবলৈ আহ্বান জনায় ৷

ABOUT THE AUTHOR

...view details